পশ্চিমবংগত আৱদ্ধ হৈ থকা লোকক সহায়ৰ বাবে অসম চৰকাৰলৈ NGOৰ আহ্বান

Lockdown: Dispur press club, JAFA distribute relief materials among journos

প্ৰতীকী ছবি।

কলকাতাস্থিত ‘Molded and Minority Development Council'(MMDC) নামৰ এটা NGO-এ পশ্চিমবংগৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত অত্যৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছে।

COVID-19ৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষনা কৰা দেশজোৰা ল’কডাউনৰ ফলত আৱদ্ধ হৈ পৰা লোকসকলক সহায় কৰিবলৈ অনুৰোধ জনাই NGOটোৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰে।

পত্ৰখনৰ জৰিয়তে তেওঁলোকে পশ্চিমবংগত আৱদ্ধ হৈ থকা অসমৰ লোকসকলে সন্মুখীন হৈ থকা খাদ্য, টকা পইচাৰ নাটনি, থকা ঠাইৰ অসুবিধাকে ধৰি বিভিন্ন সমস্যাৰ প্ৰতি অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে।

‘বৰ্তমান আমাৰ NGOটোৰ সৈতে অসমৰ প্ৰায় ১৫০ গৰাকী ব্যক্তি যোগাযোগত আছে। আমি তেওঁলোকক অত্যৱশ্যকীয় সামগ্ৰী আদি দি আমাৰ সাধ্য অনুসৰি সহায় কৰিবলৈ চেষ্টা কৰি আছো।‘ MMDCৰ অধ্যক্ষ ৰাজু ঘোষে জনায়।

আৱদ্ধ হৈ পৰা লোকসকলৰ মাজত ঘাইকৈ অসংগঠিত খণ্ডত কাম কৰা শ্ৰমিক, চাকৰিৰ ইণ্টাৰভিউৰ বাবে আৰু বেমাৰৰ চিকিৎসা কৰাবলৈ অহা লোক আছে বুলি ঘোষে লগতে জানিবলৈ দিয়ে।