প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক ১০০ কোটি দিয়াৰ বাবে মেঘালয় চৰকাৰক নিৰ্দেশ সেউজ ন্যায়াধিকৰণৰ

ngt

ফাইল ফটো

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ একাউণ্টত ১০০ কোটি টকা জমা কৰাৰ বাবে মেঘালয় চৰকাৰক নিৰ্দেশ জাৰি দিছে ৰাষ্ট্ৰীয় সেউজ ন্যয়াধিকৰণে। এই ন্যায়াধিকৰণেই ২০১৪ৰ পৰা মেঘালয়ত কয়লাৰ খননৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। আৰু কয়লা খননৰ বাবে ৰাজ্যখনত হোৱা পৰিৱেশৰ ক্ষতিৰ জোৰা মাৰিবলৈ উক্ত ধনখিনি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ একাউণ্টত জমা দিয়াৰ নিৰ্দেশ দিছে মেঘালয় চৰকাৰক।

উল্লেখ্য যে মেঘালয়ৰ খনিত আবদ্ধ হৈ থকা ১৫ গৰাকী খনি বনুৱক উদ্ধাৰৰ অভিযান চলি থকা সময়তেই ন্যয়াধিকৰণে এই নিৰ্দেশ জাৰি কৰিছে। উল্লেখ্য যে ২০১৪ৰ ১৭ এপ্ৰিলত কয়লা খননত সেউজ ন্যায়াধিকৰণে নিধেধাজ্ঞা জাৰি কৰাৰ পাছতো খনিৰ বনুৱাসকলক বেআইনীভাৱে কয়লা খননত মকৰল কৰা হৈছিল।

মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাত চলি থকা কয়লা খননৰ পৰা জীৱনলৈ অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত অহা কেইখনমান আৱেদনৰ ওপৰত সেউজ ন্যায়াধিকৰণে এই নিৰ্দেশ জাৰি কৰিছিল। বিচাৰক আদৰ্শ কুমাৰ গোৱেৰ অধ্যক্ষতাত আৰু বিচাৰক এছ পি ৱাংডি আৰু বিচাৰক কে ৰামকৃষ্ণণেৰে গঠিত বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে পৰিৱেশ পুনৰুদ্ধাৰ কৰাত ব্যৱহাৰ কৰিবলৈ উক্ত ধনখিনি জমা কৰাৰ বাবে মেঘালয় চৰকাৰক নিৰ্দেশ দিছে সেউজ ন্যায়াধিকৰণে। সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, জানুৱাৰিৰ ২ তাৰিখে মেঘালয়ৰ কয়লা খননৰ ওপৰত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এখন ন্যায়িক সমিতিয়ে এটা অন্তৰ্ৱৰ্তী প্ৰতিৱেদন প্ৰকাশ কৰিছে। ২০১৮ৰ আগষ্ট মাহত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এই ন্যায়িক সমিতিখন গঠন কৰিছিল।