NORTHEAST NOW (Assamese)

দৰিকা নৈৰ ওপৰত থকা পকী দলং মেৰামতিৰ দাবীত শিৱসাগৰত আটাছুৰ ঘাইপথ অৱৰোধ

September 8, 2018 5:21 pm · পার্শ্বজোতি গগৈ

শিৱসাগৰৰ নগৰৰ সমীপৰ দৰিকা নৈৰ ওপৰত থকা জৰাজীৰ্ণ পকী দলঙৰ মেৰামতিৰ দাবীত আজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ আটাছুৰ শতাধিক কৰ্মীয়ে ৷

আটাছুৰ শিৱসাগৰ মহকুমা সমিতিয়ে শিৱসাগৰ নগৰ সমিতিৰ সহযোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোয়ে দলংখন ‌শীঘ্ৰে মেৰামতি কৰাৰ দাবী উত্থাপন কৰাৰ লগতে বিষয়টোত যদি গুৰুত্ব দিয়া নহয় তেন্তে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে।

উল্লেখযোগ্য যে শিৱসাগৰৰ পৰা ডিব্ৰুগড়, তিনিচুকীয়া জিলালৈ যাতায়তৰ গুৰুত্বপূৰ্ণ পথছোৱাত থকা উক্ত দলংখন বিগত ছয়মাহৰ পৰা যাতায়তৰ অনুপযোগী হৈ পৰাৰ লগতে ইয়াৰ ওপৰত সৃষ্টি হোৱা দ’ গাতৰ ফলত বিগত দিনবোৰত বহু কেইটা দূৰ্ঘটনায়ো সংঘটিত হৈছে।

শিৱসাগৰৰ বহুকেইটা দল-সংগঠন তথা ৰাইজে দলংখনৰ মেৰামতিৰ বাবে ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে কোনো ধৰণৰ মনোযোগ নিদিয়াত আজি আটাছুৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দলংখনৰ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

Related News