ধলা-শদিয়াৰ গণহত্যাত জড়িত থকাৰ সন্দেহত দুজনক আটক ‘নিয়া’ৰ

কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থা নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি চমুকৈ ‘নিয়া’ই আজি দুজন আত্মসমৰ্পণকাৰী আলফা সদস্যক ধলাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰিছে।

আটকাধীন আত্মসমৰ্পণকাৰী আলফা সদস্য দুজন হ’ল ক্ৰমে তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত বুবাল মৰাণ(২৬) ওৰফে টাইগাৰ অসম আৰু আনজন বিনন্দ দহোটীয়া (২৪) ওৰফে স্বদেশ অসম।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ শদিয়াৰ ধলা চৈখোৱা খেৰবাৰী ঘাটত ২০১৮ চনৰ ১ নৱেম্বৰত কোনো অচিনাক্ত বন্দুকধাৰীয়ে অপ্ৰোৰিচিতভাৱে কৰা ধাৰাসাৰ গুলীচালনাত ৫ গৰাকীকৈ বাঙালী সম্প্ৰদায়ৰ লোক নিহত হৈছিল।

এই হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য তথা দেশতে তোলপাৰ লগাইছিল। বিভিন্ন দল-সংগঠনে এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ লগত জড়িতক আটক কৰি কঠোক শাস্তি প্ৰদান কৰাৰ দাবী তুলিছিল।

এই হত্যাকাণ্ডৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত তদন্তকাৰী সংস্থা নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি চমুকৈ ‘নিয়া’ই নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া চলাই আছিল।

আৰু আজি নিয়াই উক্ত ধলা হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আত্মসমৰ্পণকাৰী আলফা সদস্য দুজনক আটক কৰে। আটকাধীন সদস্য দুজনক নিয়াই ইস্পিচিয়েল নিয়া ক’ৰ্টত হাজিৰ কৰায়। আৰু আদালতে তেওঁলোকক ১২ দিনৰ নিয়ৰ জিম্মাত প্ৰেৰণ কৰে।