NORTHEAST NOW (Assamese)

আলফা(স্বাধীন) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে অভিযোগনামা দাখিল ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(NIA)ৰ

September 16, 2021 4:16 pm · এন ই নাও নিউজ
Updated: September 16, 2021 4:21 pm

গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণত অভিযুক্ত আলফা (স্বাধীন) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকে ধৰি অন্য ৪ জন আলফা সদস্যৰ বিৰুদ্ধে বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(NIA) ই ।

পৰেশ বৰুৱাসহ পাপু কোঁচ বকলিয়াল,অমৃত বল্লভ গোস্বামী,অৰুণোদয় দহোটীয়া আৰু মুন্না বৰুৱাৰ বিৰুদ্ধে IPC আৰু UA(P) আইনৰ ধাৰাত অভিযোগ দাখিল কৰিছে সংস্থাটোৱে।

২০১৯ চনৰ গুৱাহাটী গ্ৰেনেড বিস্ফোৰণেৰে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি মঙ্গলবাৰে অভিযোগনামা দাখিল কৰে NIA ই।

স্মৰ্তব্য যে,২০১৯ চনৰ গুৱাহাটীৰ আৰ জি বৰুৱা পথৰ এখন শ্ব’পিং মলৰ কাষত সংঘটিত গ্ৰেণেড বিস্ফোৰণত ১২ জন লোক আঘাতপ্ৰাপ্ত হৈছিল। এই বিস্ফোৰণ আলফা(স্বাধীন)ৰ কেডাৰৰ দ্বাৰা সংঘটিত হোৱা বুলি অভিযোগ উঠিছিল।

অৱশ্যে আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাইও এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি লৈছিল।

NIAই পুনৰ উক্ত বিস্ফোৰণৰ বিপক্ষে গোচৰ ৰুজু কৰি নিজাকৈ তদন্ত আৰম্ভ কৰিব ।
ইতিমধ্যে NIA ই এই বিস্ফোৰণৰ সৈতে জড়িত আঠজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে।

Related News