NORTHEAST NOW (Assamese)

অখিল গগৈৰ বাসগৃহ আৰু কৃষক মুক্তিৰ মুখ্য কাৰ্য্যালয়ত NIAৰ অভিযান

December 26, 2019 8:54 am · কল্পজ্যোতি শইকীয়া
Updated: December 26, 2019 12:41 pm

অখিল গগৈৰ বাসগৃহত আজি NIAৰ দলে অভিযান চলায়। এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে পুৱা প্ৰায় ৭ বজাত NIAৰ এটা দল উপস্থিত হয় অখিল গগৈৰ চান্দমাৰী নিজৰাপাৰস্থিত বাসগৃহত।

ইপিনে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিৰ মুখ্য কাৰ্যালয়তো NIAৰ আন এটা দলে অভিযান চলোৱা বুলি জানিব পৰা গৈছে। বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে দুয়োটা দলে পৃথকে পৃথকে অভিযান চলাই থকা বুলি সূত্ৰটোৱে জনায়।

অৱশ্যে NIAৰ দল দুটাই গগৈৰ বাসগৃহ আৰু কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ পৰা কি কি উদ্ধাৰ কৰিছে সেয়া জানিব পৰা হোৱা নাই। আজি পুৱা ১০ বজাত অখিল গগৈক চান্দমাৰীৰ NIAৰ আদালতত হাজিৰ কৰাৰ কথা।

অখিল গগৈৰ বাসগৃহ

বৰ্তমান কৃষক নেতাজনক পানবজাৰ থানাত ৰখা হৈছে বুলি এই সূত্ৰটোৱে জনায়। জানিব পৰা মতে কালি সন্ধিয়া ভাগত অতি গোপনে দিল্লীৰ পৰা বিমানযোগে অখিল গগৈক গুৱাহাটীলৈ অনা হৈছিল।

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব (সংশোধনী) আইন বিৰোধিতাৰে উত্তাল প্ৰতিবাদ চলি থকাৰ মাজতে যোৱা ১২ ডিচেম্বৰত কৃষক নেতাগৰাকীক যোৰহাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে ১৪ ডিচেম্বৰত NIAএ তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

সংস্থাটোৱে দাখিল কৰা এজাহাৰত গগৈক মাওবাদী সজোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে কেইবাটাও বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা জাপি দিছিল আৰু ১৬ ডিচেম্বৰত NIAয়ে তেওঁক গ্ৰেপ্তাৰ কৰি ১০ দিনৰ বাবে নিজৰ জিম্মাত ৰাখিছিল।

NIA ৰ অভিযান কালত অখিল গগৈৰ ঘৰৰ পৰা তেওঁৰ পান কাৰ্ড, পৰিচয় পত্ৰ, বেংকৰ পাচবুক, লেপটপ, নদী বান্ধ সম্পৰ্কীয় নথি-পত্ৰ থকা এটা ফাইল জব্দ কৰা হয়।

Related News