প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ পুৰণি প্ৰেমৰ ফটো! ইনষ্টাগ্ৰামত চৰ্চা

প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছে প্ৰাক্তন প্ৰেয়সীৰ স’তে উঠা পুৰণি ফটোৱে ইনষ্টাগ্ৰামত পুনৰ তোলপাৰ লগাইছে্।

নিক জোনাছে এসময়ত প্ৰেমৰ সম্পৰ্ক ৰাখিছিল জনপ্ৰিয় পপষ্টাৰ মাইলী চাইৰাছৰ লগত।

প্ৰায় এসপ্তাহ ধৰি মাইলী চাইৰাছে ইনষ্টাগ্ৰামত নিজৰ অতীতৰ কিছুমান ফটো আপলোড কৰি আছিল।

ইয়াৰে এখন ফটোত তেওঁৰ স’তে প্ৰাক্তন প্ৰেমিক নিক জোনাছো আছে।

এখন পাৰ্কত দুয়োৱে ‘ৰাইড’ কৰি থকাৰ ফটোখনত মাইলীয়ে ধেমেলীয়াভাৱে থকাৰ বিপৰীতে জোনাছ আছে শান্তভাৱে।

ফটোখন আপলোড কৰাৰ মাত্ৰকে কমেণ্ট বক্সত অনুৰাগীসকলৰ নানাধৰণৰ উচ্ছাহমূলক কমেণ্ট দেখা পোৱা গৈছে।

‘‘মাইলী আৰু নিক, অ’হ মাই গড মোৰ শৈশৱকালটো সম্পূৰ্ণ!’’ এজন অনুৰাগীয়ে কৈ উঠে।

অৱশ্যে নিক জোনাছ-মাইলী চাইৰাছৰ ফটোক লৈ ইনষ্টাগ্ৰামত চৰ্চা নতুন নহয়। ইয়াৰ পূৰ্বেও ২০১৯ চনত মাইলীয়ে তেওঁৰ এখন পুৰণি ফটোত নিকে পঠোৱা এটা মেচেজ ইনষ্টাগ্ৰামত আপলোড কৰিছিল।

গুজৱ অনুযায়ী, মাইলীয়ে যেতিয়া ৱাল্ট ডিজনীৰ হান্নাহ মণ্টানা চিৰিজটোত জড়িত আছিল, সেই সময়ত জোনাছ ব্ৰাদাৰ্ছ নামৰ মিউজিকেল বেণ্ডটোৰ গায়ক নিক জোনাছৰ স’তে ডেটিং কৰি আছিল।

পাছত মাইলীয়ে অভিনেতা লিয়াম হেমছৱৰ্থৰ স’তে বিবাহপাশত আৱদ্ধ হৈ বিচ্ছেদ হোৱাৰ বিপৰীতে নিক বৰ্তমান প্ৰিয়ংকা চোপ্ৰাৰ স’তে সংসাৰধৰ্মত ব্যস্ত আছে।