NORTHEAST NOW (Assamese)

মুকলি কৰি দিয়া হ’ল তেজপুৰ ডিটেনশ্যন কেম্পত থকা ৯ গৰাকী বাংলাদেশীক

July 23, 2019 10:44 pm · এন ই নাও নিউজ
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ। ফটো নৰ্থ-ইষ্ট নাও

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনশ্যন কেম্পত থকা ৯ গৰাকী বাংলাদেশী নাগৰিকক নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ উদ্দেশ্যে আজি মুকলি কৰি দিয়া হয়।

উল্লেখযোগ্য যে ভাৰতৰ মাটিত অবৈধভাৱে অনুপ্ৰৱেশ কৰাৰ অভিযোগত মুঠ ২২ গৰাকী বাংলাদেশীক শোনিতপুৰ, মৰিগাঁও আৰু ধেমাজী আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

অসমৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা অনুপ্ৰৱেশৰাকী কেইজনক পিছত তেজপুৰ ডিটেনশ্যন কেম্পলৈ লৈ অনা হৈছিল।

আজি মুকলি কৰি দিয়া বাংলাদেশী নাগৰিক কেইগৰাকী হৈছে জাহাংগীৰ আলম, আব্দুল কাছেম, মহম্মদ আব্দুলা, আব্দুল কালাম মোল্লা, আজাবাহাৰ পে’ডা, বাবুল চৰদাৰ, ৱাইডুল হক, ইলিয়াছ আহমেদ আৰু নুৰুল আলম।

তেওঁলোকক কৰিমগঞ্জ জিলাৰ ভাৰত-ভূটান সীমান্তৰে বাংলাদেশলৈ ঘুৰাই পঠোৱা হ’ব। লোককেইজনক সীমান্ত আৰক্ষীৰ হাতত গতাই তেজপুৰ কাৰাগাৰৰ অধীক্ষক মৃণময় ডাৱকাই সীমান্তত নিৰাপত্তা ব্যৱস্থাৰ সুৰুঙা লৈ বাংলাদেশীয়ে ভাৰতৰ মাটিত অনুপ্ৰৱেশ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ আনে।

তেজপুৰত সংবাদ মাধ্যমৰ আগত আৰক্ষী বিষয়া গৰাকীয়ে উক্ত অভিযোগ আনি লগতে কয় যে সীমান্তৰ নিৰাপত্তাত নিয়োজিত একাংশ বি এছ এফ জোৱানৰ সহযোগত ভাৰত-বাংলাদেশ সীমান্তত বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্য্য সংঘটিত হৈ আহিছ।

‘যিহেতু সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনীৰ লোকসকল কঠোৰ নহয়, অবৈধ অনুপ্ৰৱেশকাৰীসকলে ভাৰতত প্ৰৱেশ কৰাৰ সুবিধা লয়।‘ তেওঁ কয়।

Related News