অধীক্ষক ৰমেন তালুকদাৰসহ জি এম চি এইচৰ ৯জন চিকিৎসকক কুৱাৰেণ্টাইন

GMCHৰ অধীক্ষক ডা০ ৰমেন তালুকদাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰক কুৱাৰেণ্টাইন কৰা হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত এই কথা জনায়।

জানিব পৰা মতে তেওঁৰ লগতে বৰ্তমানলৈকে জি এম চি এইচৰ ৯ গৰাকীকৈ চিকিৎসকক কুৱাৰেণ্টাইনত ৰখা হৈছে।

উল্লেখযোগ্য যে গুৱাহাটীত কালি আন চাৰিজন ব্যক্তিৰ সৈতে জি এম চি এইচৰ এজন চিকিৎসকৰ শৰীৰত কোভিড-১৯ ধৰা পৰে। উক্ত চিকিৎসকজন জি এম চি এইচৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰ।

ইয়াৰ পিছতে আজি  জি এম চি এইচ কৰ্তৃপক্ষই অধীক্ষক ৰমেন তালুকদাৰৰ সৈতে ৯জন চিকিৎসকক কুৱাৰেণ্টাইন কৰাৰ লগতে আক্ৰান্ত চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা চিকিৎসক আৰু ৰোগীৰসকলৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে।

জানিব পৰা মতে আক্ৰান্ত চিকিৎসকজনে জি এম চি এইছৰ নিউ কেবিনত চিকিৎসা সেৱা আগবঢ়াই আহিছিল।

ইপিনে চিকিৎসা মহাবিদ্যালয়খনৰ ১ আৰু ৫ নম্বৰ ল’ৰা হোষ্টেল বন্ধ কৰি দিয়াৰ লগতে সমগ্ৰ চিকিৎসালয়খনত চেনিটাইজেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

ইয়াৰ পূৰ্বে জি এম চি এইচখন নতুন ৰোগীৰ বাবে বন্ধ কৰি দিয়া হ’ব বুলি টুইটাৰ যোগে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনায়।

ভৰ্তি হৈ থকা পূৰ্বৰ ৰোগী সমূহকে উন্নত চিকিৎসা প্ৰদান কৰা হ’ব তথা swab চেম্পল সংগ্ৰহ কৰা হ’ব বুলি তেওঁ লগতে জানিবলৈ দিছিল।

লগতে পঢ়ক কৰ’না আতংক! কোভিড-১৯ত আক্ৰান্ত জি এম চি এইচৰ স্নাতকোত্তৰ বৰ্ষৰ এজন ছাত্ৰ