আঠগাঁও মছজিদৰে সম্পৰ্ক : কৃষ্ণাইৰ ৯ গৰাকী জামাতিক স্বাস্থ্য বিভাগৰ কোৱাৰেণ্টাইন

Screenshot_2020-04-13-00-02-05-526_com.mxtech.videoplayer.ad

ফটো: নৰ্থইষ্ট নাও

কৰ’নাৰ হট স্পটৰূপে চিহ্নিত গুৱাহাটীৰ আঠগাঁও মছজিদৰ জামাতিক লৈ এতিয়া ভীষণ উদ্বিগ্ন চৰকাৰ-প্ৰশাসন। কৰ’না আক্ৰান্ত নিজামুদ্দিন ফেৰত লোকৰ সংস্পৰ্শলৈ অহা কৃষ্ণাইৰ ৯গৰাকী জামাতিক দেওবাৰে গোৱালপাৰৰ স্বাস্থ্য বিভাগে  কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰে ৷

দেওবাৰে বিয়লি গোৱালপাৰা স্বাস্থ্য বিভাগে স্থানীয় আৰক্ষীৰ সহযোগত উক্ত লোক কেইজনক কোৱাৰেন্টাইনৰ বাবে প্ৰেৰণ কৰে।

উল্লেখ্য যে এওঁলোকে যোৱা ১২ মাৰ্চত গুৱাহাটী আঠগাঁও মছজিদত তবলীকি ধৰ্মীয় আলোচনাত মিলিত হৈছিল৷

সেই ধৰ্মীয় সভাত আছিল কোভিড ১৯ আক্ৰান্ত লোক।

ইয়াৰ পাছতে দেওবাৰে গোৱালপাৰাৰ স্বাস্থ্য বিভাগে প্ৰশাসনৰ সহযোগত তৎকালীনভাৱে এই সকলোকে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে শনিবাৰে ধুবুৰীৰ ১৯ গৰাকী লোকক কুৱাৰেণ্টাইন কৰা হৈছে।

এই ব্যক্তিকেইজনেও যোৱা ১২ মাৰ্চত গুৱাহাটীৰ আঠগাওঁ মছজিদৰ অনুষ্ঠানত ভাগ লৈছিল।

উক্ত অনুষ্ঠানত ভাগ লোৱা তিনিজন ব্যক্তি ইতিমধ্যে ক’ভিড-১৯ আক্ৰান্তৰূপে চিনাক্ত হৈছে। আঠগাওঁ মছজিদক ইতিমধ্যে কণ্টেইনমেণ্ট এলেকাৰূপে ঘোষণা কৰা হৈছে।

ধুবুৰীত কুৱাৰেণ্টাইন কৰা আটাইকেইজন ব্যক্তিয়ে তাবলিগি জামাতৰ সদস্য বুলি জানিব পৰা গৈছে।

ইপিনে, বিলাসীপাৰা মছজিদকো ছীল কৰি এলেকাটোক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছে।

ধুবুৰীৰ দুয়োজন ক’ভিড-১৯ পজিটিভ ৰোগীৰ লগতে কুৱাৰেণ্টাইন কৰা আন একাংশয়ো বিলাসীপাৰা মছজিদত এক সভাত ভাগ লৈছিল।