NORTHEAST NOW (Assamese)

অসমত আৰু নগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩১৫লৈ বৃদ্ধি

September 1, 2020 9:59 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু নগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, মঙলবাৰলৈকে মৃতকৰ সংখ্যা ৩১৫লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— যোৰহাটৰ বুলীন্দ্ৰ নাথ বৰা (৬৮) আৰু তীৰ্থ গগৈ (৫৮), হোজাইৰ পাপ্ৰি নন্দী (৩৯), মন্তোষ ৰয় (৫৪) আৰু নজৰুল ইছলাম (৪৫), নলবাৰীৰ কেশৱ চন্দ্ৰ দাস (৭৫), ধেমাজিৰ প্ৰণিতা ভৰালী (৪৫), কৰিমগঞ্জৰ হিমাংশু সেনগুপ্তা (৭৫) আৰু ডিব্ৰুগড়ৰ সুবল দে (৭২)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

সোমবাৰলৈকে অসমত ৩০৬গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত সোমবাৰলৈকে ৮৫,৪৫৮গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত সোমবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৩,২৭৩ (।)

ইফালে সোমবাৰলৈকে অসমত মুঠ ১,০৯,০৪০গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News