আকৌ আক্ৰমণ মাওবাদীৰ : ৮ জন জোৱানসহ ৯ জন লোক শ্বহীদ
ছত্তীশগড়ত চলি আছে মাওবাদী দমন অভিযান। তাৰ মাজতেই কুটাঘাত সংঘটিত কৰি আহিছে মাওবাদীয়ে।
আজি মাওবাদীয়ে স্থাপন কৰা এটা আই ই ডি বিস্ফোৰণৰ ফলত নিৰাপত্তাৰক্ষীৰ এখন বাহন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।
উক্ত বিস্ফোৰণত দান্তেৱাড়া জিলা ৰিজাৰ্ভ গাৰ্ডৰ ৮ জন জোৱান আৰু চালকজনৰ মৃত্যু হয়।
ছত্তীশগড়ৰ বিজাপুৰত সোমবাৰে মাওবাদীয়ে সংঘটিত কৰে এই বিস্ফোৰণ।
আই জি সুন্দৰৰাজ পিয়ে জনোৱা মতে, মাওবাদীক দমনৰ বাবে চলোৱা যৌথ অভিযানৰ অন্তত জোৱানসকল উভতি আহিছিল। উভটি আহি থাকোতেই কুট্ৰু থানা এলেকাৰ আম্বেলি গাঁৱত মাওবাদীয়ে আই ই ডি বিস্ফোৰণ কৰে। ৮ জন জোৱান আৰু চালকজনৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় আৰু ৬ জন জোৱান।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই। তেওঁ কয়, ‘মৃত জোৱানসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। সৈনিকৰ এই বলিদান বিফল নহ’ব। মাওবাদীক নিৰ্মূল কৰাৰ বাবে আমাৰ যুঁজ অব্যাহত থাকিব।”
জোৱানৰ মৃত্যুত শোক প্ৰকাশ কৰি ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী অৰুণ ছাৱে কয় যে মাওবাদী দমন অভিযান অব্যাহত থাকিব। অতি শীঘ্ৰে চত্তীশগড় মাওবাদীমুক্ত হ’ব।