ভাৰতত নিপাহ ভাইৰাছৰ আতংক! মাৰাত্মক ভাইৰাছৰ সংক্ৰমণত মৃত্যু যুৱকৰ

কেৰালাত পুনৰ নিপাহ ভাইৰাছৰ আতংকৰ। এইবাৰ ঘটনাৰ অভিকেন্দ্ৰ মালাপ্পুৰম। মাত্ৰ ২ মাহৰ ভিতৰতে মাৰাত্মক ভাইৰাছৰ বলি হৈছে ২৪ বছৰীয়া যুৱক। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় যুৱকজনৰ। নিপাহ সংক্ৰমণৰ ফলত নতুনকৈ মৃত্যু হোৱা লোকক লৈ চিন্তিত হৈ পৰিছে প্ৰশাসন।

যোৱা শনিবাৰে যেতিয়া এই মৃত্যু পোহৰলৈ আহে তেতিয়া কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে নিপাহৰ সংক্ৰমণেই যুৱকজনৰ মৃত্যুৰ কাৰণ নেকি সেই বিষয়ে চিকিৎসালয় কৰ্তৃপক্ষ নিশ্চিত নহয়। যোৱা ৯ ছেপ্টেম্বৰত যুৱকজনৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰৰ নমুনা পৰীক্ষাৰ বাবে কোঝিকোড মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। ৰিপৰ্ট ওলোৱাৰ লগে লগে আমি নিশ্চিত কৰিলোঁ যে মৃত্যুৰ কাৰণ নিপাহ ভাইৰাছ। জানিব পৰা মতে, মৃত লোকজন বঙাইগাঁৱত অধ্যয়ন কৰি আছিল। মৃত্যুৰ পূৰ্বে তেওঁ ক’ত গৈছিল আৰু কাৰ সংস্পৰ্শলৈ আহিছিল সেই বিষয়ে তদন্ত চলি আছে। ইতিমধ্যে প্ৰশাসনে তেওঁৰ সংস্পৰ্শলৈ অহা ১৫১ জন লোকক চিনাক্ত কৰিছে। ইয়াৰে ৫ জনৰ জ্বৰৰ লক্ষণ দেখা গৈছিল।

মন কৰিবলগীয়া যে যোৱা জুলাই মাহত এজন ১৪ বছৰীয়া ল’ৰাৰ শৰীৰত জ্বৰ, মূৰৰ বিষ আৰু উশাহ লোৱাত কষ্টৰ লক্ষণ দেখা দিছিল। ১৯ জুলাইত তেওঁক কোজিকোড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পূৰ্বে কিশোৰজনৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে পুনেৰ এটা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। এই প্ৰতিবেদন ইতিবাচক। কিশোৰজনৰ মৃতদেহত নিপাহ ভাইৰাছ পোৱাৰ পাছত সমগ্ৰ ৰাজ্যতে এক চাঞ্চল্যৰ সৃষ্টি হয়। আক্ৰান্ত কিশোৰজনৰ অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক ভেন্টিলেচনত ৰখা হয়। কিন্তু সংক্ৰমণ ধৰা পৰাৰ এদিন পাছত চিকিৎসাধীন অৱস্থাত হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

এইদৰে ইটোৰ পাছত সিটোকৈ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। নিপাহ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰ্তমান চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰতিজন ৰোগীৰ বাবে মাত্ৰ এজন ব্যক্তিকহে চিকিৎসালয়লৈ যাবলৈ অনুমতি দিয়া হৈছে। স্বাস্থ্য বিভাগে কোনো ধৰণৰ লক্ষণ দেখা পালে আইছ’লেশ্যনত থাকিবলৈ পৰামৰ্শ দিছে। ইফালে, চিকিৎসকৰ মতে, চৰাই বা জীৱ-জন্তুৱে খোৱা ফল খোৱাৰ ফলতো নিপা সংক্ৰমণ হ’ব পাৰে। বিশেষজ্ঞসকলে এনে ফল খোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। বজাৰৰ পৰা কিনা ফল-মূল ভালদৰে ধুই খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে।