নীৰৱ মোদীৰ ভাৰতলৈ প্ৰত্যাৰ্পনৰ সম্ভাৱনা উজ্জ্বল, ব্ৰিটেইনৰ আদালতে নাকচ কৰিলে নীৰৱ মোদীৰ আবেদন

১১,০০০ কোটি টকাৰ পঞ্জাৱ নেচনেল বেংক (পিএনবি) কেলেংকাৰীৰ মূল সূত্ৰধাৰ নীৰৱ মোদীক ভাৰতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত এখোজ আগুৱাই গৈছে ভাৰত। বুধবাৰে লণ্ডন উচ্চ ন্যায়ালয়ে নীৰৱৰ আবেদন খাৰিজ কৰে। লণ্ডন উচ্চ ন্যায়ালয়ৰ লৰ্ড জাষ্টিছ ষ্টুৱাৰ্ট স্মিথ আৰু ন্যায়াধীশ ৰবাৰ্ট জেয়ে শুনানিৰ পিছত প্ৰত্যৰ্পণৰ বিৰোধিতা কৰি নীৰৱৰ আবেদন খাৰিজ কৰে।

“আমি স্বীকাৰ নকৰোঁ যে নীৰৱৰ মানসিক অৱস্থা আৰু তেওঁ আত্মহত্যা কৰাৰ সম্ভাৱনা ইমান বেছি যে তেওঁৰ প্ৰত্যাৰ্পণ এক অন্যায় বা দমনমূলক পদক্ষেপ হ’ব,” ন্যায়ালয়ে কয়। 

৫১ বছৰীয়া ব্যৱসায়ীজন বৰ্তমান দক্ষিণ-পূব লণ্ডনৰ ৱাণ্ডচৱৰ্থ কাৰাগাৰত বন্দী হৈ আছে। নীৰৱক ৱেষ্টমিনষ্টাৰ দণ্ডাধীশৰ আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতৰ আদালতত আপীল কৰিবলৈ অনুমতি দিয়া হৈছিল। কিন্তু বুধবাৰে তেওঁৰ আবেদনখন খাৰিজ কৰা হয়। ফলস্বৰূপে, নীৰৱক ভাৰতলৈ ঘূৰাই অনাটো এতিয়া সহজ হৈ পৰিব।

পিএনবি গোচৰত ১১,০০০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত নীৰৱে দেশৰ পৰা পলাই গৈছিল। তাৰ পিছত তেওঁক ব্ৰিটেইনত গ্ৰেপ্তাৰ কৰা হয়। তেতিয়াৰে পৰা গুজৰাটৰ হীৰা ব্যৱসায়ীজনক ঘূৰাই অনাৰ প্ৰক্ৰিয়া চলি আছে।