চাৰি ধৰ্ষণকাৰীৰ জীৱন দানৰ দাবী তোলা প্ৰসিদ্ধ অধিবক্তাক প্ৰত্যাক্ৰমণ নিৰ্ভয়াৰ মাতৃৰ

“মই আশা দেৱীৰ কষ্ট বুজি পাইছো। মই তেওঁক অনুৰোধ জনাইছো ছোনীয়া গান্ধীৰ উদাহৰণক অনুসৰণ কৰিবলৈ। যিয়ে নলীনিক ক্ষমা কৰি দিছিল আৰু কৈছিল তাই মৃত্যুদণ্ড পোৱাটো তেওঁ নিবিচাৰে। আমি আপোনাৰ লগত আছো কিন্তু মৃত্যুদণ্ডৰ বিৰোধিতা কৰো।”

এই মন্তব্য কৰিছিল দেশৰ প্ৰসিদ্ধ অধিবক্তা ইন্দিৰা জয়সিঙে। অধিবক্তা গৰাকীয়ে এইদৰে টুইটাৰৰ জৰিয়তে নিৰ্ভয়াৰ দোষীক ক্ষমা কৰি দিবলৈ মাক আশা দেৱীক আহ্বান জনাইছিল।

অধিবক্তা ইন্দিৰা জয়সিঙে ছোনীয়া গান্ধীয়ে ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ফাঁচিৰ সলনি জীৱন দান দিয়াৰ দৰে আশা দেৱীয়েও বলাৎকাৰী চাৰিটাক জীৱনদান দিব লাগে উল্লেখ কৰিছিল।

ইফালে এই ইন্দিৰা জয়সিঙৰ এই পৰামৰ্শৰ পিছতে ক্ষুব্ধ হৈ পৰে নিৰ্ভয়াৰ মাতৃ আশী দেৱী। এই সন্দৰ্ভত আশা দেৱীয়ে কয়, “ইন্দিৰা জয়সিঙে মোক এনে ধৰণৰ পৰামৰ্শ কেনেকৈ দিব পাৰিলে? ইন্দিৰা জয়সিঙে মোক এনে পৰামৰ্শ দিবলৈ কোন হয়? সমগ্ৰ দেশে আজি দোষীৰ ফাঁচি বিচাৰিছে। তেওঁলোকৰ দৰে ব্যক্তিৰ বাবেই আজি নিৰ্যাতিতাই ন্যায় লাভৰ পৰা বঞ্চিত হৈ আহিছে।”

তাৰোপৰি নিৰ্ভয়াৰ মাতৃয়ে কয়, “মই ভাবিবও নোৱাৰো যে ইন্দিৰা জয়সিঙে কেনেকৈ ‘নিৰ্ভয়া’ৰ দোষীক ক্ষমা কৰি দিবলৈ আপীল কৰিলে। মই উচ্চতম ন্যায়ালয়ত তেওঁক কেবাবাৰো লগ পাইছো, তেওঁ এই গোচৰটোৰ প্ৰসংগত কেতিয়াও এটা শব্দও উচ্চাৰণ কৰা নাই আৰু আজি তেওঁ দোষীক ক্ষমা কৰি দিবলৈ কৈছে। মই আচৰিত হৈছো। দুষ্কৰ্ম কৰা অপৰাধীক ক্ষমা কৰি দিয়া এনেবোৰ লোক ‘মানৱাধিকাৰ’ৰ নামত একোটাকৈ কলংক। এইবোৰৰ কাৰণে বলাৎকাৰ বন্ধ নোহোৱা হৈছে।”