NORTHEAST NOW (Assamese)

আপোনাৰো অপূৰ্ণ সপোন হ’ব পূৰ্ণ! ১৭৮ টকাতে লাভ কৰিব নীতা আম্বানীয়ে পৰিধান কৰা ৪০০ কোটিটকীয়া হাৰ

May 29, 2024 7:06 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 29, 2024 7:17 pm

পুত্ৰ অনন্ত আম্বানীৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানত মাতৃ নীতা আম্বানীক ৰাজকীয় সাজ-পোছাক পৰিধান কৰি দেখা গৈছিল।নীতা আম্বানীয়ে কাৰ্যতঃ কাঞ্চিপুৰম শাৰীৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু সকলোৰে চকু নীতা আম্বানীৰ ডিঙিত থকা হীৰা হাৰত আবদ্ধ হৈ পৰিল। সেই সেউজীয়া হাৰত দুটা ডাঙৰ ডাঙৰ পান্না আছিল।বহুতে সেই হাৰডাল নিজৰ কৰাৰ সপোন দেখিছিল। তথাপি সেয়া আছিল সপোনৰো অগোচৰ, কিন্তু এতিয়া সেই নেকেলেচডালৰ হুবহু একে হাৰ পিন্ধাৰ সপোন নিশ্চয়কৈ পূৰণ হ’ব৷ ৰাজস্থানৰ এজন ব্যৱসায়ীয়ে এনে সুযোগ দিছে।

 

View this post on Instagram

 

A post shared by V. V. SONS (@v.v.sons)


জয়পুৰৰ এগৰাকী সোণাৰীয়ে নিৰ্মাণ কৰিছে নীতা আম্বানীৰ নেকেলেচৰ প্ৰতিৰূপ। সেইটোৱেই তেওঁ মুকলি বজাৰত মাত্ৰ ১৭৮ টকাত বিক্ৰী কৰি আছে! ব্যৱসায়ীজনে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰে। নীতা আম্বানীয়ে পিন্ধিছিল সেউজীয়া ৰঙৰ পাথৰৰ হাৰ। কিন্তু এই ব্যৱসায়ীজনে ৰঙা, সেউজীয়া, নীলা, ক’লা, বগা সকলো ধৰণৰ পাথৰৰ হাৰ নিৰ্মাণ কৰিছে।

একাধিক খবৰ অনুসৰি যোৱা মাৰ্চ মাহত পুত্ৰৰ প্ৰি-ৱেডিংত নীতা আম্বানীয়ে পিন্ধা নেকেলেচটোৰ মূল্য ৪০০-৫০০ কোটি টকা হ’ব পাৰে৷ ইয়াৰ উপৰিও তেওঁৰ শাৰীখনৰ ডিজাইন কৰিছিল বলীউডৰ বিখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰাই।

Related News