NORTHEAST NOW (Assamese)

নীতি আয়োগৰ সমৃদ্ধ ৰাজ্যৰ ৰেংকিঙত বিজেপি শাসিত ৰাজ্যৰ নিম্নক্ৰমত স্থান লাভ : শীৰ্ষত কেৰালা, পোন্ধৰ সংখ্যক স্থানত অসম

June 26, 2019 11:16 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ । উৎস-ইণ্টাৰনেট

বিগত দুটা বছৰত ২০১৬-১৭ আৰু ২০১৭-১৮ ত ৰাজ্যসমূহৰ সামগ্ৰিক প্ৰদৰ্শন আৰু ক্ৰমবৰ্দ্ধমান উত্তৰণক মুখ্য হিচপে লৈ নীতি আয়োগে প্ৰস্তুত কৰা ‘সমৃদ্ধ ৰাজ্য, প্ৰগতিশীল ভাৰত’ শীৰ্ষক আয়োগৰ প্ৰতিবেদনত সমৃদ্ধ ৰাজ্যৰ ৰেংকিঙত পূৰ্বৰ তুলনাত ভাল ফলাফল দেখুৱাই ১৫ সংখ্যক স্থানত উপনীত হৈছে অসম।

নীতি আয়োগে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সহযোগত তথা বিশ্ব বেংকৰ কাৰিকৰী সহায়ত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে।

মঙলবাৰে নীতি আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰে মুকলি কৰা আয়োগৰ প্ৰতিবেদনৰ দ্বিতীয় সংস্কৰণত সমৃদ্ধ ৰাজ্যৰ ৰেংকিঙত অসমে পোন্ধৰ সংখ্যক স্থান অধিকাৰ কৰাৰ বিপৰীতে শীৰ্ষ, দ্বিতীয় আৰু তৃতীয় স্থানত স্থানত থাকে ক্ৰমে কেৰালা, অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ।

আনহাতে, প্ৰকাশিত তালিকাত অতি বেয়া ফলাফল দেখুৱাই নিম্ন ক্ৰমৰ ফালে স্থান লাভ কৰিছে বিজেপি আৰু মিত্ৰজোটৰ চৰকাৰ শাসিত ৰাজ্য ক্ৰমে বিহাৰ আৰু উত্তৰ প্ৰদেশে।

ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্যসমূহৰ স্বাস্থ্যখণ্ড, শাসন, নীতি ৰূপায়ন আদি দিশৰ ওপৰত পৰ্যালোচনা আৰু তথ্য বিশ্লেষণ কৰি নীতি আয়োগে প্ৰতিবেদন প্ৰস্তত কৰে।

উল্লেখযোগ্য যে, আয়োগৰ বিগত প্ৰতিবেদনৰ তুলনাত অসমে প্ৰকাশিত নতুন প্ৰতিবেদনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱাটোৱে ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিভিন্ন দিশৰ প্ৰগতি সাধন হোৱাটো  প্ৰমান কৰিছে।

Related News