তেতিয়া ৯৬ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছিল পুত্ৰ নীতিশ কুমাৰ ৰেড্ডীয়ে। ভিৰৰ মাজত গেলেৰীত বহি চকু মুদি প্ৰাৰ্থনা কৰি আছে পিতৃ মুথালা ৰেড্ডী। তাৰ মাজতে আকৌ ৫০ ৰান কৰি লেথান লিয়নৰ বলত আউট হৈ যায় ৱাশ্বিংটন সুন্দৰ।
ইয়াৰ পিছতে শূন্য ৰাণত পেভিলিয়নলৈ উভতি আহে যশপ্ৰীত বুমৰাহ। শতকৰ পৰা তেতিয়াও ১ ৰান দূৰত আছে নীতিশ। কিন্তু পিতৃৰ প্ৰাৰ্থনা বিফল নহ’ল। অৱশেষত সেই মুহূৰ্তটো আহিল। কামিন্স বাহিনীৰ পাহাৰ সদৃশ ৰানৰ চাপ চম্ভালি নীতিশে প্ৰথমটো টেষ্ট শতক অৰ্জন কৰিলে।
মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত তৃতীয় দিনৰ আৰম্ভণিতে যেতিয়া ভাৰত তছনছ হ’বলৈ ধৰিলে, তেতিয়া ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হ’ল বিশাখাপট্টনমৰ নীতিশ কুমাৰ ৰেড্ডী। তেওঁক প্ৰথম একাদশত ৰখাৰ ক্ষেত্ৰতে বিশ্লেষকসকলৰ মাজত মতানৈক্য অব্যাহত আছে। কিন্তু বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজত তেওঁ নিজকে প্ৰমাণ কৰাত কোনো সুৰুঙা নাৰাখিলে।
ঋষভ পন্ত আৰু ৰবীন্দ্ৰ জাডেজাৰ দৰে দুটা গুৰুত্বপূৰ্ণ উইকেটৰ পতনৰ পিছতো নীতিশে দলটোক অক্সিজেন যোগান ধৰি আগবাঢ়িলে। ২২১ ৰানত ৭ উইকেটৰ পৰা ষ্টাৰ্ক, কামিন্স, লিয়ন, ব’লাণ্ড বাহিনীক চম্ভালি স্ক’ৰব’ৰ্ডত শতাধিক ৰান সংযোজন কৰে। লগতে ১৮১টা বলত এক দুৰ্দান্ত শতক অৰ্জন কৰি তেওঁ দলটোক যুঁজৰ দিব পৰা স্থানলৈ লৈ আহিল।
আজিৰ দিনটোতে আঠ নম্বৰত বেটিং কৰিবলৈ আহি অৰ্ধ শতক অৰ্জন কৰি নীতিশে আল্লু অৰ্জুনৰ ‘পুষ্পা’ৰ শৈলীত চেলিব্ৰেট কৰে। আৰু শতকৰ পিছত বেটখন মাটিত থিয় কৰি ৰাখি তাৰ ওপৰত ৰাখিলে হেলমেটটো। তাৰ পাছত হাত ওপৰলৈ তুলি প্ৰণাম কৰিলে। গেলেৰীত পিতৃৰ চকু দুটা চকুলোৰে ভৰি পৰিল। বিদেশৰ মাটিত পুত্ৰৰ প্ৰথম টেষ্ট শতক প্ৰত্যক্ষ কৰি তেওঁ আপ্লুত হৈ পৰিছিল। নীতিশৰ যুঁজাৰু ইনিংছৰ বাবেই ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে ৰানৰ ব্যৱধান হ্ৰাস কৰাত সফল হয়। অৱশ্যে তাৰকা অলৰাউণ্ডাৰগৰাকীক যোগ্য সংগ দিয়ে সংকট মোচক ৱাশ্বিংটন সুন্দৰে।
আজি কম পোহৰৰ বাবে নিৰ্ধাৰিত সময়ৰ অলপ আগতে খেলখন শেষ হয়। তৃতীয় দিনৰ শেষত ৰেড্ডীয়ে ১০৫ ৰানত অপৰাজিত হৈ ৰয় আৰু মহম্মদ ছিৰাজে ২ ৰানত নট আউট থাকে। বৰ্তমান ভাৰতে ৯ উইকেটত ৩৫৮ ৰান সংগ্ৰহ কৰি ১১৬ ৰানত পিছ পৰি আছে।
সংক্ষিপ্ত স্কোৰঃ
অষ্ট্ৰেলিয়া: ৪৭৪/১০ (স্মিথ-১৪০)
ভাৰতঃ ৩৫৮/৯ (যশ্চৱী-৮২, ৰেড্ডী-১০৫*, সুন্দৰ-৫০)
তৃতীয় দিনৰ শেষত ভাৰত ১১৬ ৰান পিছ পৰি আছে।