NORTHEAST NOW (Assamese)

নিজামুদ্দিনলৈ যোৱা এজন মণিপুৰৰ লোক ক’ৰ’নাত আক্ৰান্ত; সংখ্যা বৃদ্ধি পালে দুজনলৈ

April 2, 2020 10:34 am · এন ই নাও নিউজ
Updated: April 2, 2020 10:43 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

মণিপুৰত নতুনকৈ আৰু এজন লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। নিশা ১২.৩০ বজাত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে এক টুইটযোগে এই কথা নিশ্চিত কৰে।

ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ২ জনলৈ বৃদ্ধি পালে।

মুখ্য মন্ত্ৰী সিঙে জনোৱা অনুসৰি ক’ৰ’নাত আক্ৰান্ত লোকজন দিল্লীৰ নিজামুদ্দিনৰ তবলিগীত অংশ গ্ৰহণ কৰিছিল।

তেওঁ লগতে কিছু লোকক কোৱাৰেণ্টাইন শিবিৰত ৰাখি নিৰীক্ষণ কৰি থকাৰ কথাও উল্লেখ কৰে।

জানিব পৰা মতে, মণিপুৰৰ পৰা নিজামুদ্দিনলৈ যোৱা ১০ গৰাকীৰ ভিতৰত এগৰাকী পজিটিভ, ৮ গৰাকী নিগেটিভ আৰু এজনৰ ৰিপ’ৰ্ট আহিবলৈ বাকী আছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ পশ্চিম ইম্ফলৰ ২৩ বছৰীয়া এগৰাকী যুৱতী ক’ৰ’নাত আক্ৰান্ত হৈছিল। যুৱতীগৰাকীয়ে য়ুকেৰ পৰা আহিছিল।

বৰ্তমান ইম্ফলত যুৱতীগৰাকীৰ চিকিৎসা চলি আছে।

Related News