গুৱাহাটীৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ তৃতীয় বৰ্ষৰ এজন ছাত্ৰ ১৮ জুনৰ পুৱা হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। ছাত্ৰজনক হোষ্টেলৰ কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। অৱশ্যে কোঠাত কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই। যাৰ ফলত এই কাণ্ড এক ৰহস্য আৱৰ্তত সোমাই পৰিছে।
ছাত্ৰজন মূলতঃ হায়দৰাবাদৰ পৰা অহা। ২১ বছৰীয়া ছাত্ৰজনক পুৱা প্ৰায় ১০:১৪ বজাত তেওঁৰ এজন বন্ধুৱে ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। সূত্ৰ অনুসৰি ছাত্ৰজনে কাউন্সেলিং কৰি আছিল আৰু মৃত্যুৰ সময়ত নিৰ্ধাৰিত ঔষধ সেৱন কৰি আছিল। এই তথ্যৰ পিছতো এই ঘটনাৰ আঁৰৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
ছাত্ৰজনৰ পিতৃ-মাতৃক এই শোকাৱহ ঘটনাৰ বিষয়ে অৱগত কৰাৰ পিছতে বিয়লিৰ ভাগত গুৱাহাটীত উপস্থিত হয়। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ কোনো প্ৰমাণ নোহোৱাৰ বাবে বিষয়াসকলে সকলো দিশতে চকু ৰাখিছে। ছাত্ৰজনৰ বন্ধু-বান্ধৱী আৰু সহপাঠীকে ধৰি তেওঁৰ ঘনিষ্ঠ লোকক জেৰা কৰি আছে বুলি জানিব পৰা গৈছে।