শিক্ষকৰ নাথাকিব কোনো অতিৰিক্ত বোজা; শিক্ষাদানেই হ’ব প্ৰাথমিক আৰু প্ৰধান লক্ষ্য

শৈক্ষিক সংস্কাৰ তথা উন্নতিৰ বাবে প্ৰাথমিক নীতি পঞ্জাৱ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

Punjab CM on teachers

এতিয়াৰ পৰা পঞ্জাৱৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষকসকলে প্ৰাথমিক দায়িত্ব হিচাপে কেৱল শিক্ষকতাৰ সৈতে জড়িত কামত গুৰুত্ব দিব। তেওঁলোকৰ কান্ধত নাথাকিব আন কোনো অতিৰিক্ত কামৰ দায়িত্ব।

পঞ্জাৱৰ শিক্ষা খণ্ডৰ বাবে বিশেষ গুৰুত্ব দি নতুন সংস্কাৰ নীতি গ্ৰহণ কৰি এই ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

তেওঁ লগতে শিক্ষকসকলক আশ্বাস দিয়ে যে তেওঁলোকৰ বকেয়া সমস্যাবোৰ শীঘ্ৰেই সমাধান কৰা হ’ব।

পুঁজিৰ অভাৱত কোনো শিক্ষাৰ্থী যাতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয়, এইয়া নিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ পুনৰাবৃত্তি কৰি মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে শিক্ষাৰ্থীসকলক এক মানদণ্ডৰ শিক্ষা প্ৰদান কৰাটো আপ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে যুৱক সকলক বিশ্বৰ সমসাময়িক মানদণ্ডৰ সৰ্বশ্ৰেষ্ঠ শিক্ষা প্ৰদান কৰা হ’ব। ইয়াৰ জৰিয়তে তেওঁলোকে কেৰিয়াৰৰ সন্ধানত বিদেশলৈ যাত্ৰা কৰাৰ পৰিৱৰ্তে স্বৰাজ্যতে লাভজনক নিযুক্তি লাভ কৰিব।

আনহাতে সন্তানৰ শৈক্ষিক বিকাশৰ বাবে অভিভাৱক সকলকো দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় মানে। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে অভিভাৱকসকলক সন্তানৰ ওপৰত তেওঁলোকৰ আকাংক্ষা পূৰণৰ চাপ প্ৰয়োগ নকৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে অভিভাৱক সকলে তেওঁলোকৰ সন্তানৰ দক্ষতা আৰু সম্ভাৱনা চিনাক্ত কৰিব লাগে। ইয়াৰ দ্বাৰা সন্তান সকল তেওঁলোকৰ পচন্দৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰেৰিত হয় বুলি মন্তব্য কৰে মানে।

বৈঠকত পঞ্জাৱৰ শিক্ষা মন্ত্ৰী গুৰমিত সিঙে চৰকাৰে শিক্ষা আৰু ক্ৰীড়াৰ প্ৰচাৰৰ বাবে বিশ্ববিদ্যালয়ক সহায় আগবঢ়াব বুলিও আশ্বাস দিয়ে।