থৰকাছুটি হেৰাইছে ৰাজ্যিক বিজেপিৰ : ক’লে অসমলৈ অহা নাই বাংলাদেশী!

IMG_20190110_195841

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেলত মুখপাত্ৰ স্বপ্ননীল বৰুৱা। ফটো : নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে থৰকাছুটি হেৰুৱাইছে ৰাজ্যিক বিজেপিয়ে। সেয়েহে আজিৰ সংবাদমেলত এগৰাকী বিজেপিৰ ৰাজ্যিক মুখপাত্ৰই সংবাদমেলতে কৈ পেলালে অসমত বাংলাদেশী নাই।

উল্লেখ্য যে, বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ স্বপ্ননীল বৰুৱাই অসমত বাংলাদেশী নাই বুলি দাবী কৰাৰ  লগতে বাংলাদেশীৰ প্ৰব্ৰজন অসমলৈ হোৱা নাই বুলিও দাবী কৰিলে উক্ত সংবাদমেলৰ জৰিয়তে।

‘’ইউৰোপত শ্ৰমিক শ্ৰেণীৰ লোকসকল বাংলাদেশী। প্ৰব্ৰজন হয় কেৱল তলৰ শ্ৰেণীৰ লোকৰ মাজত। অসমলৈ আহিবৰ বাবে বাংলাদেশীৰ কোনো অৰ্থনৈতিক কাৰণ নাই।‘’ সংবাদমেলত এই দাবী বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱাৰ।

ইপিনে, ইউৰোপ মহাদেশত বাংলাদেশৰ পৰা যোৱা শ্ৰমিকসকলে প্ৰতিদিনে ২৫ ইউৰ’ লাভ কৰে বুলি দাবী কৰি বৰুৱাই কম টকাৰ বিনিময়ত কাম কৰিবলৈ ভাৰতলৈ বা অসমলৈ বাংলাদেশী নাহে বুলি মন্তব্য কৰি বিষয়টোৰ ওপৰত আগবঢ়ায় উদ্ভট যুক্তি।

‘‘ভাৰতীয় টকাৰ হিচাপত ২০০০ টকা লাভ কৰে বাংলাদেশী শ্ৰমিকসকলে। কিন্তু ভাৰতত কেৱল ১০০০ টকাহে পায়। ২০০০ টকা লাভ কৰি ভাৰতত ১০০০ টকা পাবলৈ তেওঁলোক ইয়ালৈ নাহে।‘’ এইদৰে মন্তব্য কৰে বৰুৱাই।

ইপিনে, বিদেশী বহিস্কাৰৰ নামত হোৱা অসম আন্দোলনৰ পৰা আৰম্ভ কৰি বৰ্তমানো বিদেশী বহিস্কাৰ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি অসমত প্ৰায় ৪০ বছৰে আন্দোলন চলি আহিছে। তাৰ বিপৰীতে বিদেশী খেদোৱাৰ নামত হোৱা আন্দোলনক নস্যাৎ কৰি হিন্দু-মুছলমান কোনো বাংলাদেশীৰেই অসমলৈ প্ৰব্ৰজন হোৱা নাই বুলি সংবাদমেলত দাবী কৰে বৰুৱাই।

‘’ভাৰতলৈ বাংলাদেশৰ পৰা কোনো বাংলাদেশী অহা নাই, মুছলমান-হিন্দু কোনোৱে আহি থকা নাই, কাৰণ ইউৰোপ আৰু আমেৰিকাত কাম কৰাৰ সুন্দৰ সুযোগ পাই আছে বাংলাদেশীবিলাকে। যোৱা ১০-২০ বছৰে কোনো প্ৰব্ৰজন ঘটা নাই অসমলৈ।‘’ সংবাদমেলত এই দাবী কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, মুছলমান বাংলাদেশী আগ্ৰাসনৰ ইচ্ছ্যুটোক কেন্দ্ৰ কৰি বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছিল। দুই-তিনিদিন আগতে ৰাজ্যখনৰ ১৭ টা বিধানসভা সমষ্টিতে মুছলমান বাংলাদেশীৰ কবলত বুলি দাবী কৰিছিল দুয়োজনে। তাৰ বিপৰীতে বৃহস্পতিবাৰৰ সংবাদমেলত ‘’অসমলৈ হিন্দু-মুছলমান বাংলাদেশীৰ আগ্ৰাসন ঘটা নাই’’ বুলি দাবী কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

বিজেপিৰ দুমুখীয়া স্থিতিৰ পৰাই প্ৰকাশ পাইছে ৰাজ্যিক বিজেপিয়ে থৰকাছুটি হেৰুৱাইছে তথা কোনো কোনোৱে অসম বাংলাদেশীৰ কবলত পৰা বুলি দাবী কৰাৰ বিপৰীতে কোনোৱে আকৌ বাংলাদেশী নাই বুলি স্থিতি স্পষ্ট কৰিছে।