• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাত বিজেপিৰ বিজয়ত আত্মসন্তুষ্টি ক’ত? কমিল ভোটৰ হাৰ-আসন; কোনোমতে সৰকিল বহু নেতা!

এন ই নাও নিউজ, আগৰতলা by এন ই নাও নিউজ, আগৰতলা
March 2, 2023 4:52 pm
167
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা বিজেপি কোনোমতে ওলাই গৈছে! এতিয়ালৈকে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফলে তেনে এখন চিত্ৰকে দাঙি ধৰিছে। কিয়নো যোৱাবাৰৰ তুলনাত উত্তৰ-পূবৰ ৰাজ্যখনত বিজেপিৰ আসনৰ সংখ্যাৰ লগতে ভোটৰ হাৰো হ্ৰাস পাইছে। কেৱল সেয়াই নহয়, বহুতো তাৰকা বিজেপি নেতাই বিচূৰ্তি খাব লগা হৈছে।

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ বাকী দুখন ৰাজ্যই বিজেপিক যথেষ্ট সকাহ দিছে। মেঘালয়ত ভোটদানৰ হাৰ সামান্য হ্ৰাস পাইছে যদিও বিজেপিৰ সংখ্যা বৃদ্ধি হ’বলৈ আগবাঢ়িছে। নাগালেণ্ডত ভোটৰ হাৰ বৃদ্ধি পাইছে। অৱশ্যে, আসনৰ সংখ্যাৰ বেছি পৰিৱৰ্তন হোৱা নাই।

নিৰ্বাচন আয়োগৰ মতে, ত্ৰিপুৰাত বিজেপিয়ে ইতিমধ্যে পাঁচখন আসন লাভ কৰিছে। বাকী ২৮ খন আসনত আগবাঢ়ি আছে। দলটোৱে প্ৰাপ্ত ভোটৰ হাৰ হৈছে ৩৯.১১ শতাংশ। অৰ্থাৎ ত্ৰিপুৰাত গেৰুৱা শিবিৰৰ ফলাফল ২০১৮ চনতকৈ বেয়া হৈছে। ২০১৮ চনত ৫১ খন আসনত প্ৰতিদ্বন্দিতা কৰি দলটোৱে ৩৫ খন আসন জিকিছিল। প্ৰাপ্ত ভোটৰ হাৰ আছিল ৪৩.৫৯ শতাংশ।

সেইদৰে, এইবাৰৰ নিৰ্বাচনত বহুতো বিজেপি নেতাই বিচূৰ্তি খাব লগা হৈছে। আনকি মুখ্যমন্ত্ৰী মানিক সাহাই বৰদোৱালী টাউন আসনত এটা সময়ত পিছ পৰিছিল। যদিও বেছি সময় দ্বিতীয় স্থানত নাছিল, বিজয়ৰ ব্যৱধান ১,৫০০ অতিক্ৰম কৰিব নোৱাৰিলে।

আনহাতে, ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰজিব ভট্টাচাৰ্য এতিয়াও বনমালীপুৰৰ পৰা ১,২৯৩ টা ভোটত পিছ পৰি আছে। সমষ্টিটো প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব দেৱৰ দুৰ্গ হিচাপে জনাজাত। কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক ধনপুৰৰ পৰা আগবাঢ়ি আছে যদিও ব্যৱধান বেছিনহয়। তেওঁ বৰ্তমান ৩,৪৪০ টা ভোটত আগবাঢ়ি আছে। বিদায়ী উপ মুখ্যমন্ত্ৰী জিষ্ণু দেববাৰ্মাও পিছ পৰিছিল। তেওঁ বৰ্তমান ১,০০০ তকৈ অলপ বেছি ভোটত আগবাঢ়ি আছে।

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপি নেতাসকলে দাবী কৰিছিল যে আসন যোৱাবাৰৰ তুলনাত বৃদ্ধি পাব। বৃহৎ আসন লাভ কৰি বিজয়ী হ’ব। কিন্তু সেয়া নহ’ল। ইয়াৰ বিপৰীতে, আসনৰ সংখ্যা হ্ৰাস পাইছে।

ত্ৰিপুৰাৰ বিজেপি নেতৃত্ব পৰিস্থিতিটোক লৈ যথেষ্ট অস্বস্তিত আছে। এই সন্দৰ্ভত ত্ৰিপুৰাৰ বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মই অধিক আসন পোৱাৰ কথা ভাবিছিলো যদিও সেয়া নহ’ল। কিন্তু আমি সংখ্যাগৰিষ্ঠতা লাভ কৰি সুখী। তথাপি আমি কিয় অধিক আসন নাপালোঁ, তাৰ বিশ্লেষণ কৰা হ’ব।‘’

Recent News

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd