অসমৰ ১১ খন আসনত বিজেপিৰ সৈতে কোনো দলৰে নহয় প্ৰতিদ্বন্দ্বিতা : হিমন্ত বিশ্ব শৰ্মা

f3e9fc52-f32a-4bb9-8eae-b070e8a76efc

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত দেওবাৰে সাংবাদিকৰ আগত বক্তৱ্য ৰখাৰ মুহূৰ্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো : নৰ্থইষ্ট নাও

‘’লোকসভা নিৰ্বাচনত কোনো দলেই বিজেপিৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে। অসমৰ ১১ খন আসনত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহয়।‘’ দেওবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত দৃঢ়তাৰে এই কথা প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে মিত্ৰজোঁটত থকা অগপৰ তিনি সমষ্টি ক্ৰমে কলিয়াবৰ, বৰপেটা আৰু ধুবুৰীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীকেইগৰাকী প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব বুলি তেওঁ মন্তব্য কৰে।

ইপিনে, তেওঁৰ দৃঢ়তাৰ পৰা স্পষ্ট হৈ পৰে যে বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়া দহখন আসনৰ ওপৰিও বিপিএফৰ কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছ নাইবা অন্য দলৰ সৈতে কোনোধৰণৰ প্ৰতিদ্বন্দ্বিতা নহয় বা অনায়াসে বিজেপিয়ে জয়লাভ কৰিব।

আনহাতে, স্বভাৱসুলভভাৱে তেওঁ কংগ্ৰেছ আৰু এআইয়ুডিএফক সমালোচনা কৰি কয়, ‘’কংগ্ৰেছ আৰু এ আইয়ুডিএফ দুয়োটা দলেই তুষ্টিকৰণৰ ৰাজনীতি কৰে। lতেওঁৰ মতে ‘দুয়োটা দলেই অসমৰ একাংশ বিশেষ শ্ৰেণীৰ লোকৰ মাজত তুষ্টিকৰণৰ প্ৰতিযোগিতা কৰে।‘

তদুপৰি, বিজেপিৰ বাবে তুষ্টিকৰণৰ ৰাজনীতিৰ কোনো অৰ্থ নাথাকে বুলি দাবী কৰি তেওঁ কয়, ‘কাৰণ আমি তুষ্টিকৰণৰ ৰাজনীতি নকৰো।‘

ইপিনে, তুষ্টিকৰণৰ বিৰোধিতা কৰা সকলে বিজেপিক ভোট দিব বুলিও তেওঁ দাবী কৰে।

ইয়াৰোপৰি তেওঁ কয়, ‘২৬ মাৰ্চৰ ৪ বজাৰ পাছত গম পোৱা যাব কংগ্ৰেছ আৰু এআইয়ুডিএফৰ যোগ আছে নে বিয়োগ আছে।‘

আনহাতে, টিকট নোপোৱাক কেন্দ্ৰ কৰি নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই আৰু তেওঁৰ পত্নী ৰীতা নাথ গোহাঁই তথা  তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই সংবাদমাধ্যমৰ আগত মুকলি বিদ্ৰোহ বা ক্ষোভ প্ৰকাশ কৰাৰ পাছতো এয়া সংবাদমাধ্যমৰ সৃষ্টি বুলিহে মন্তব্য কৰে মন্ত্ৰীজনে।

‘‘বিজেপিৰ সাংগঠনিক ভেটি ইমানেই শক্তিশালী যে টিকট নোপোৱাৰ শাখা এটা আমাৰ দলত নাই। ৰমেন ডেকা ডিফুলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে গুচি গ’ল। কাইলৈৰ পৰা বিজয়া চক্ৰৱৰ্তীয়ে তেজপুৰ আৰু যোৰহাটত প্ৰচাৰ চলাব। কংগ্ৰেছৰ দৰে টিকট নোপোৱাৰ ধাৰা এটা বিজেপিত নাই,‘’ হিমন্তই কয়।

অৱশ্যে লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ টিকটৰ পৰা বঞ্চিত বৰ্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ অচিৰেই ভাল দিন আহিব বুলি ঘোষণা কৰে  মন্ত্ৰীজনে।

হিমন্তই কয়, ‘’জুন মাহত কামাখ্যা প্ৰসাদ তাছাৰ দিন ভাল হ’ব বুলি জানো। টিকট নোপোৱাসকলৰো ভাল দিন আহিব পাৰে।‘’