সুখবৰ; ৰাজ্যত ১১৫ দিনৰ অন্তত প্ৰথমবাৰৰ বাবে আজি মৃত্যু হোৱা নাই কোনো ক’ৰ’না ৰোগীৰ

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰথম গৰাকী ক’ৰ’না ৰোগীৰ মৃত্যু হোৱাৰ আজি ১১৫ দিন উকলি গৈছে।

এই ১১৫ দিনৰ অন্তত আজি ৰাজ্যৰ জনসাধাৰণৰ বাবে প্ৰথমটো ভাল খবৰ লৈ আহিছে স্বাস্থ্য বিভাগে।

আজিৰ দিনটোত অসমত কোনো লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা নায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

‘‘কোভিড ৰোগী সকলৰ মৃত্যু হোৱা ১১৫ দিনৰ সুদীৰ্ঘ শোকজনক যাত্ৰাৰ অন্তত আজি ৪ নৱেম্বৰত ৰাজ্যত কোনো ক’ৰ’না ৰোগীৰ মৃত্যু হোৱা নায়। আমি ক’ৰ’না মহামাৰীক প্ৰতিৰোধৰ বাবে সচেতন হৈ চলিব লাগিব,’’ মন্ত্ৰী শৰ্মাই এইদৰে টুইট কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত অসমত বৰ্তমানলৈ মুঠ ৯৩৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

অসমত এতিয়ালৈ মুঠ ২০৭৩৬১ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ১৯৮০৩৯ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।