দোধোৰ-মোধোৰ স্থিতিত অগপ; এতিয়াও ল’ব পৰা নাই মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত

Guwahati- AGP central general meeting

প্ৰতিনিধিত্বমূলক চিত্ৰ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ তৎপৰতা। সেই উদ্দেশ্যেৰে অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলেও ১১ মাৰ্চত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে।

দিচপুৰত বিধায়ক ফণীভূষণ চৌধুৰীৰ আৱাসত নিশা অনুষ্ঠিত হোৱা বৈঠকখনত দলটোৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত সমিতিয়ে মিত্ৰতাৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা বুলি বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰি দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ লগতে কোন কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই সম্পৰ্কেও বিশদভাৱে আলোচনা কৰে। এই কথা জানিবলৈ দিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

বিধায়ক কলিতাই কয়, ‘আজি দহটা সমষ্টিৰ প্ৰাৰ্থী তালিকাক লৈ আলোচনা হৈছে। এই সন্দৰ্ভত মঙলবাৰে পুনৰ বৈঠক অনুষ্ঠিত হ’ব’। ইপিনে, মিত্ৰতাক লৈ নীতি নিৰ্ধাৰণ সমিতিয়ে কোনো সিদ্ধান্ত লোৱা নাই বুলিও তেওঁ প্ৰকাশ কৰিছে।

ইফালে অগপ-বিজেপিৰ মিত্ৰতাক লৈ বিভিন্ন মহলত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ থকা সম্পৰ্কত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয়, ‘অগপই কাৰো লগত মিত্ৰতা বিচৰা নাই। আমি নিজে অগপক শক্তিশালী কৰাৰ চেষ্টা কৰিছো’।

আনহাতে অগপক বিজেপিয়ে মিত্ৰতাৰ বাবে আহ্বান জনোৱাৰ লগতে তিনিটা সমষ্টি আঞ্চলিক দলটোক এৰি দিব বিচৰা বুলিও দলটোৰ এটা নিৰ্ভৰযোগ্য সূত্ৰই জনাইছে। সূত্ৰটোৱে কয় যে ধুবুৰী, বৰপেটা আৰু কলিয়াবৰত বিজেপিৰ ভেটি দুৰ্বল সেয়ে মিত্ৰতা কৰি সেই সমষ্টি কেইটা অগপক এৰি দিব বিচাৰিছে।

কিন্তু লক্ষ্যণীয় বিয়ষ এয়ে যে বিজেপিয়ে মিত্ৰতা সন্দৰ্ভত দিয়া প্ৰস্তাৱক আঞ্চলিক দলটোৰ নেতৃত্বই এই পৰ্যন্ত সন্মতি জনোৱা নাই।