আছুৰ প্ৰতিনিধি সভা সমাপ্ত, ৰাজনৈতিক দল গঠনক লৈ কি মত নেতৃত্বৰ?

ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত শুকুৰবাৰে আছুৰ প্ৰতিনিধি সভা সমাপ্ত হোৱাৰ পিছতে সংগঠনটোৰ নেতৃত্বই সাংবাদিকৰ সৈতে মত বিনিময় কৰে।

প্ৰতিনিধি সভাৰ পাছতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে অসংবিধানিক সাম্প্ৰদায়িক বিল (কা)ৰ বিৰুদ্ধে হ’ব ব্যাপক গণ আন্দোলন। অহিংস আৰু গণতান্ত্ৰিকভাৱে তথা নিৰৱছিন্নভাৱে চলিব এই আন্দোলন।

অতি শান্তিপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে সকলোৰে লগত আগুৱাই নিয়া হ’ব এই আন্দোলন।

দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা চলি থকাৰ বাবে এই কা বিৰোধী আন্দোলন কিছু স্তিমিত হৈছিল। এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবও আৰু আন্দোলনো কৰিব। পুনৰ অসমৰ ৰাইজৰ অভিভাৱকত্ত্বত ৩০ টা জাতি জনগোষ্ঠীয় সংগঠনৰ সহযোগত ব্যাপকৰূপত চলি যাব, ভট্টাচাৰ্য্যই কয়।

কালিও গুৱাহাটী বিশ্ববিদ্যালয়ত হৈছিল আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক বৈঠক।

আছুৰ সভাখনত বিকল্প ৰাজনৈতিক দল সন্দৰ্ভত কিবা এক সিদ্ধান্ত হ’ব বুলি চৰ্চিত হৈছিল যদিও সভাৰ পিছত এই সন্দৰ্ভত কোনো স্পষ্ট সিদ্ধান্ত ঘোষণা কৰা হোৱা নাই।

আছুৰ সভাপতি দীপাংক নাথে সি সন্দৰ্ভত কয় বিকল্প বুলি আজিলৈকে কৈ আছো এটা সময়ত এইটো মূল হ’ব। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গৈ বহু ৰাজনৈতিক নেতাই বিশ্বাসঘাটকতা কৰিছে।

তেওঁ কয় যে মাৰ্চ মাহৰ শেষৰ ফালে সকলো জাতীয় সংগঠনৰ সৈতে এখন জাতীয় অভিবৰ্তন হ’ব। কা বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি যাব।

বি টি আৰ অঞ্চলত যাতে অন্য জাতি জনগোষ্ঠীৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি প্ৰতিনিধি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ অৱগত কৰে।

চৰকাৰে দমন চলালেও এই কা বিৰোধী আন্দোলন চলি যাব বুলি স্পষ্ট কৰি এনে দমনমূলক নীতি নচলাবলৈ চৰকাৰক আহ্বান জনায়।

সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে আন্দোলন সন্দৰ্ভত কয় যে গাঁও পৰ্যায়লৈকে নিয়া হ’ব কা বিৰোধী আন্দোলন। কা ৰ বিৰুদ্ধে চাইকেল ৰেলি, বাইক ৰেলি, পদযাত্ৰা, জোৰ সমদল, অৱস্থান ধৰ্মঘট ইত্যাদি গাওঁৱে ভুয়ে অনুষ্ঠিত কৰিব লাগিব।

তেওঁ কয় যে গোলাঘাটত পুলিছি নিৰ্যাতন আৰম্ভ হৈছে আৰু শোণিতপুৰ জিলাত মনে সজা অভিযোগেৰে ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত ভুৱা গোচৰ জাপি দিছে আৰক্ষীয়ে।

ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলোৱা বন্ধ নকৰিলে ৰাজপথত তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি গগৈয়ে মন্তব্য কৰে।

তাৎপৰ্যপূৰ্ণভাবে কালিৰ কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাত বিকল্প ৰাজনৈতিক দলৰ কোনো ধৰণৰ প্ৰসংগ আলোচনা নহ’ল।

এই দুই বৈঠকত বিকল্প ৰাজনৈতিক দলৰ প্ৰসংগ উত্থাপন হ’ব বুলি উল্লেখ কৰিছিল দীপাংক নাথে।