গৃহমন্ত্ৰী অমিত শ্বাহ কোভিডমুক্ত বুলি ভুৱা প্ৰচাৰ কৰিলে স্বয়ং বিজেপিৰ সাংসদে : কোন সেই সাংসদ?

বিজেপি সাংসদৰ দায়িত্বহীনতাৰ বাবে স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে

Amit-Shah-750x375

অতি দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে বিজেপিৰ সাংসদ তথা দিল্লীৰ বিজেপিৰ অধ্যক্ষ মনোজ তিৱাৰীয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোভিড টেষ্ট নিগেটিভ আহিছে বুলি টুইট কৰিছিল বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে।

মনোজ তিৱাৰীৰ সেই টুইটৰ পিছতে হুৱাদুৱা লাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত।

মনোজ তিৱাৰীৰ দায়িত্বহীন কাণ্ডৰ পিছতে ততাতৈয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ টুইটাৰ একাউন্টত মন্ত্ৰালয়ে টুইট কৰি স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে টুইটাৰত কয় যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ দ্বিতীয়টো কোভিড টেষ্ট এতিয়াও কৰা হোৱা নাই।

গতিকে মন্ত্ৰীগৰাকী কোভিড নিগেটিভ হোৱাৰ প্ৰশ্নই নাহে।

উল্লেখ্য যে, ৰাম মন্দিৰৰ ভূমি পূজনৰ তিনি দিন পূৰ্বে কোভিড১৯ত আক্ৰান্ত হোৱা গৃহ মন্ত্ৰীগৰাকী হাৰিয়ানাৰ এখন ব্যক্তিগত কোভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

যোৱা ২ আগষ্টত কোভিড১৯ত আক্ৰান্ত হোৱা বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে নিজেই টুইটাৰ যোগে দেশবাসীক অৱগত কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ দ্বিতীয়টো কোভিড টেষ্ট কৰা নাই বুলি টুইট কৰাৰ পিছতে বিজেপি সাংসদ মনোজ তিৱাৰীয়ে নিজৰ টুইটটো দিলিট কৰিছে।

ইফালে সংবাদ প্ৰতিষ্ঠান এ এন আই-এ বিজেপি সাংসদ মনোজ তিৱাৰীৰ টুইটোৰ ফ’টো ক’পিসহ গৃহ মন্ত্ৰালয়ৰ টুইটটো শ্বেয়াৰ কৰিছে।