অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। যুদ্ধৰ দাবানলে প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে ইউক্ৰেইনক। যুদ্ধৰ বিভীষিকাৰ মাজতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিক সকলক কিয়েভৰ পৰা সম্পূৰ্ণ স্থানান্তৰিত কৰা হৈছে। এই কথা সদৰি কৰিছে ভাৰতৰ বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই।
বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই সাংবাদিকৰ আগত কয় যে ইউক্ৰেইনৰ পৰা চুবুৰীয়া দেশলৈ স্থানান্তৰিত হোৱা ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰাই আনিবলৈ ভাৰতৰ পৰা অহা তিনি দিনত ২৬ খন বিমান চলাচল কৰিব।
ৰোমানিয়াৰ বুখাৰেষ্ট আৰু হাংগেৰীৰ বুদাপেষ্টৰ উপৰিও পোলেণ্ড আৰু স্লোভাক গণৰাজ্যৰ বিমানবন্দৰসমূহো বিমান চলাচলৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ কয়।
কিয়েভত থকা ভাৰতীয় দূতাবাস বন্ধ কৰি দিয়া হৈছে আৰু ৰাছিয়াৰ সামৰিক অভ্যুত্থানৰ সম্ভাৱনা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰীসকলক স্থানান্তৰিত কৰা হৈছে বুলি শ্ৰীংলাই জানিবলৈ দিয়ে৷
শ্ৰীংলাই লগতে কয় যে চহৰখনত কোনো ভাৰতীয় নাগৰিক বাকী নাই৷ “কিয়েভত আমাৰ আৰু কোনো নাগৰিক বাকী নাই বুলি আমি তথ্য লাভ কৰিছো। কিয়েভৰ পৰা কোনোৱে আমাক শেহতীয়াকৈ যোগাযোগ কৰা নাই। আমাৰ প্ৰতিজন নাগৰিক কিয়েভৰ পৰা ওলাই আহিছে বুলি আমাৰ অনুসন্ধানে নিশ্চিত কৰিছে।” তেওঁ কয়।
“মিছন গংগা” পৰিকল্পনাৰ অধীনত ৮ মাৰ্চলৈকে ৪৬ খন বিমান চলাচল কৰিব। ইয়াৰ ভিতৰত ২৯ খন বুখাৰেষ্টৰ পৰা, ১০ খন বুদাপেষ্টৰ পৰা, ৬ খন পোলেণ্ডৰ ৰজেচজ’ৰ পৰা আৰু ১ খন শ্লোভাকিয়াৰ কোচিজৰ পৰা চলাচল কৰিব।
আনহাতে ভাৰতৰ বায়ু সেনাৰ তত্বাৱধানত বুখাৰেষ্টৰ পৰা এখন বিমান পৰিবহণ কৰিব।
উল্লেখ্য যে ভাৰত চৰকাৰে প্ৰথম পৰামৰ্শ জাৰী কৰাৰ সময়ত ইউক্ৰেইনত আনুমানিক ২০,০০০ ভাৰতীয় নাগৰিক আছিল।”সেই সংখ্যাৰ পৰা প্ৰায় ৬০ শতাংশই ইউক্ৰেইন ত্যাগ কৰিছে।” বৈদেশিক সচিব শ্ৰীংলাই কয়।
“বাকী ৪০ শতাংশৰ ভিতৰত প্ৰায় আধা খাৰকিভ, চুমি অঞ্চলত সংঘৰ্ষ ক্ষেত্ৰত আছে আৰু বাকী অৰ্ধাংশ হয় ইউক্ৰেইনৰ পশ্চিম সীমাত উপনীত হৈছে বা ইউক্ৰেইনৰ পশ্চিম অংশৰ ফালে গৈ আছে। তেওঁলোক সাধাৰণতে সংঘৰ্ষ জৰ্জৰিত ক্ষেত্ৰৰ বাহিৰত থাকে।” শ্ৰীংলাই লগতে কয়।
আনহাতে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে কথা পাতি ভাৰতীয় নাগৰিকৰ বাবে জৰুৰী সুৰক্ষিত পথৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে বুলি শ্ৰীংলাই উল্লেখ কৰে।