• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2025 7:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালৰ ভূমি দুৰ্নীতিৰ গোচৰত সাংসদ পদ হেৰুৱাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ কুমাৰে। ভাৰতীয় যোগগুৰু বাবা ৰামদেৱে তেওঁৰ কোম্পানী পতঞ্জলিক অবৈধভাৱে মাটি আবণ্টন দিয়াৰ অভিযোগত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে নেপালৰ দুৰ্নীতি বিৰোধী সংস্থা চিআইএএই। পতঞ্জলিক বিক্ৰী কৰা মাটিত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, কাঠমাণ্ডুৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ কাভ্ৰে জিলাত পতঞ্জলিয়ে ৩২ হেক্টৰ মাটি ক্ৰয় কৰিছিল। যোগ শিবিৰৰ আয়োজন আৰু ঔষধি উদ্ভিদৰ খেতিৰ উদ্দেশ্যে এই মাটি ক্ৰয় কৰা হৈছিল। চিআইএএৰ দাবী অনুসৰি মাধৱে কেবিনেট বৈঠকত ভূমি আইন শিথিল কৰি মাটি বিক্ৰীৰ অনুমোদন দি নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। ইয়াতেই শেষ নহ’ল। দুমাহৰ পাছত পুনৰ নিয়ম অৱজ্ঞা কৰি মাটিখিনি ব্যৱসায়িক ব্যৱহাৰৰ বাবে মুকলি কৰা হয়। তদন্তকাৰীয়ে এই ঘটনাক চৰকাৰী নিয়মৰ অপব্যৱহাৰ বুলি অভিহিত কৰে। তেওঁলোকৰ দাবী, মাধৱৰ এই সিদ্ধান্তত ১১.৬ কোটি টকা লোকচান হৈছে। লগতে এই ঘটনাত মাধৱৰ পৰা ক্ষতিপূৰণ আদায় কৰিবলৈও অনুৰোধ জনায়।

Apply Now

জানিব পৰা মতে, এই গোচৰত ৯৪জন লোকক অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে। এই তালিকাত প্ৰাক্তন আইন মন্ত্ৰী প্ৰেম বাহাদুৰ সিং, প্ৰাক্তন ভূমি সংস্কাৰ মন্ত্ৰী ডাম্বৰ শ্ৰেষ্ঠ, প্ৰাক্তন মুখ্য সচিব মাধৱ প্ৰসাদ ঘিমিৰে আৰু নেপালত থকা পতঞ্জলিৰ সঞ্চালক শলিগ্ৰাম সিঙৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীও আছে। অৱশ্যে পতঞ্জলিৰ প্ৰধান পিতৃ দুই ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণৰ নাম অভিযোগনামাত উল্লেখ কৰা হোৱা নাই।

নেপালৰ আইন অনুসৰি চৰকাৰী পদত অধিষ্ঠিত ব্যক্তিৰ বিৰুদ্ধে যদি কোনো অভিযোগ উত্থাপন হয় তেন্তে তৎক্ষণাত তেওঁক নিলম্বন কৰা হয়। যাৰ বাবে বৰ্তমান নেপালী সংসদৰ সদস্য হিচাপে থকা মাধৱক সংসদৰ সদস্য হোৱাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। অৱশ্যে চিপিএন ইউনিফাইড ছ’চিয়েলিষ্ট পাৰ্টিৰ সভাপতি মাধৱ কুমাৰ নেপালে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ ক’লে, “মই একো ভুল কৰা নাই।” সকলো আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ’বলৈ মই সাজু। এই সকলোবোৰ পি শৰ্মা অলিৰ ৰাজনৈতিক ষড়যন্ত্ৰ। “তেওঁ মোক সম্পূৰ্ণৰূপে শেষ কৰিব বিচাৰে।” পতঞ্জলিয়ে উল্লেখ কৰিছে যে তেওঁলোকৰ মাটিত কোনো ধৰণৰ ব্যৱসায়িক কাম কৰা হোৱা নাই। কেৱল যোগ শিবিৰ আৰু ঔষধি উদ্ভিদৰ খেতি কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd