অভিযুক্তক চৰকাৰে শাস্তি দিয়াৰ অধিকাৰ কোনো আইনে দিয়া নাই: চিপিআই(এম)

Assam

যোৱা মে’ মাহত নগাঁৱৰ বটদ্ৰৱাত পাঁচজন অভিযুক্তৰ ঘৰ বুলডোজাৰেৰে ভাঙি দিয়াৰ পাছত আজি পুনৰ ডিব্ৰুগড়ত অভিযুক্তৰ ঘৰ পুলিচ-প্ৰশাসনে বুলডোজাৰেৰে ভাঙি পেলোৱা কাৰ্যক চি পি আই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে অত্যন্ত নিন্দনীয় আৰু আইন বিৰুদ্ধ বুলি অভিহিত কৰিছে।

এটা বিবৃতিত দলে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিচালনাধীন গৃহ বিভাগে মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত শোচনীয়ভাৱে ব্যৰ্থ হৈছে। অতি সম্প্ৰতি ৰাজ্যখনত হত্যা আৰু আত্মহত্যাৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

এয়া বিভিন্ন ক্ষেত্ৰত ওলাই পৰিছে যে পুলিচ-প্ৰশাসনে তৎপৰতা প্ৰদৰ্শন কৰাহেঁতেন বহুতৰে জীৱন ৰক্ষা কৰিব পৰা গ’লহেতেন। ডিব্ৰুগড় চহৰত শোকাৱহ পৰিস্থিতিত বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাটোত পুলিচ প্ৰশাসনৰ অপৰাধমূলক ব্যৰ্থতা ওলাই পৰিছে।

প্ৰয়াত বাগাৰীয়াই মৃত্যুৰ পূৰ্বে তেওঁক হাৰাশাস্তি কৰা সকলৰ পৰিচয় উল্লেখ কৰি যথাযথ পদক্ষেপ গ্ৰহণৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলক বাৰে বাৰে আৱেদন জনাইছিল। কিন্তু তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিণতিত বাগাৰীয়াই আত্মহত্যাৰ পথ বাছি ল’লে।

ইয়াৰ ফলত চৰকাৰৰ বিৰুদ্ধে যি জনৰোষৰ সৃষ্টি হৈছে তাক অইন ফালে ঢাল খুৱাবলৈ এতিয়া চৰকাৰখন বুলডোজাৰ ৰাজনীতিত নামি পৰিছে। আজি এই ঘটনাৰ অন্যতম অভিযুক্ত খান উপাধিৰ লোক দুজনৰ ঘৰ আৰক্ষীয়ে বুলডোজাৰেৰে ভাঙি পেলাইছে।

অথচ অভিযুক্তক বিচাৰ কৰা আৰু শাস্তি দিয়াৰ অধিকাৰ কোনো আইনে পুলিচ প্ৰশাসনক দিয়া নাই। ভাৰতীয় সংবিধানে অভিযুক্তক বিচাৰ আৰু শাস্তি প্ৰদানৰ কৰ্তৃত্ব সুস্পষ্টভাৱে কেৱল ন্যায়পালিকাকহে প্ৰদান কৰিছে।

কিন্তু বিজেপি চৰকাৰে সংবিধান আৰু সমস্ত আইন-কানুন উলংঘা কৰি অভিযুক্তৰ ঘৰ ভাঙি দিয়াৰ এক ভয়ংকৰ প্ৰক্ৰিয়াৰ সূচনা কৰিছে। বুলডোজাৰেৰে ঘৰ ভাঙি দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ নীতি হৈছে দেখদেখকৈ সাম্প্ৰদায়িক।

পূৰ্বে বটদ্ৰৱা আৰু আজি ডিব্ৰুগড়ত যিসকলৰ ঘৰ বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে, তেওঁলোক সকলোৱে ইছলামধৰ্মী। আশ্চৰ্যৰ কথা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইনৰ শাসন সুনিশ্চিত কৰাৰ সলনি এনে জঘন্য সাম্প্ৰদায়িক আৰু বেআইনী কৰ্মকাণ্ডক মুকলিকৈ পৃষ্ঠপোষকতা কৰিছে।

চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে অসমৰ বিজেপি চৰকাৰকখনৰ সংবিধানবিৰোধী, আইনৰ পৰিপন্থী আৰু সাম্প্ৰদায়িকভাৱে পক্ষপাতপুষ্ট কৰ্মকাণ্ড অচিৰেই বন্ধ কৰিবলৈ দাবী জনাইছে।

অসম চৰকাৰৰ এনে বেআইনী কৰ্মকাণ্ড সম্পৰ্কে স্বতঃপ্ৰণোদিত হৈ গোচৰ তৰিবলৈ দলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছে।