NORTHEAST NOW (Assamese)

গেৰুৱাকৰণ! উত্তৰ প্ৰদেশত ‘এ ফৰ এপল ‘ বুলি নিশিকায় শিশুক

November 3, 2022 8:32 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 3, 2022 8:35 am

উত্তৰ প্ৰদেশত এতিয়াৰে পৰা আৰু নচলিব ‘এ ফৰ এপল ‘ । শিশুৱে ইংৰাজী আখৰ চিনাক্ত কৰিবলৈ শিকাৰ প্ৰথম পদক্ষেপ হৈছে ‘এ ফৰ আপেল’, ‘বি ফৰ বল’। কিন্তু উত্তৰ প্ৰদেশত এতিয়া সেই নিয়ম সলনি হৈছে।শিশুসকলক ইংৰাজী শিকোৱা এখন বিদ্যালয়ৰ কিতাপত ‘এ ফৰ এপল ‘ ৰ সলনি ‘অৰ্জুন’ৰ বুলিহে দিয়া হৈছে।একে দৰে বি ফৰ বল নহয়, এতিয়াৰে পৰা শিশুৱে ‘বলৰাম’ৰ শিকিব লাগিব।

বৰ্ণমালাত চিৰ বাবে কেটৰ পৰিৱৰ্তে চাণক্যৰ নাম ৰখা হৈছে। ইংৰাজী বৰ্ণমালাৰ সকলো ২৬ টা আখৰ এনেদৰে পুৰাণ বা ভাৰতৰ ঐতিহাসিক ব্যক্তিত্বৰ নামৰ সৈতে সংযুক্ত কৰা হৈছে। আমিনাবাদ ইণ্টাৰ কলেজ, লক্ষ্ণৌয়ে শিশুৰ বাবে যুগুতকৰা কিতাপত ইংৰাজী বৰ্ণমালাত এনে ‘পৰিৱৰ্তন’ কৰিছে। উদ্দেশ্য টো হ’ল শিশুসকলৰ মাজত কম বয়সৰ পৰাই দেশৰ ইতিহাস আৰু পৌৰাণিক কাহিনীৰ বিষয়ে সজাগতা সৃষ্টি কৰা। বিদ্যালয় কৰ্তৃপক্ষই শিশুসকলক দেশৰ ইতিহাস আৰু পৌৰাণিক কাহিনীৰ বিভিন্ন চৰিত্ৰৰ বিষয়ে জনাব বিচাৰিছে। এই ক্ষেত্ৰত লক্ষ্ণৌৰ সেই মহাবিদ্যালয়খনৰ অধ্যক্ষ লাল মিশ্ৰাই কয়, “ভাৰতীয় সংস্কৃতিৰ বিষয়ে শিক্ষাৰ্থীসকলৰ খুব কম ধাৰণা আছে।

গতিকে আমি তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিবলৈ এই পদক্ষেপ লৈছো। কিন্তু যিহেতু হিন্দীত চৰিত্ৰৰ সংখ্যা যথেষ্ট বেছি, ইয়াৰ তালিকা প্ৰস্তুত কৰিবলৈ অধিক সময় লাগে।” শিশুগ্ৰন্থত কেৱল পৌৰাণিক আৰু ঐতিহাসিক চৰিত্ৰৰ নামেই নহয়, সেইবোৰৰ বৰ্ণনাও আছে। লক্ষ্ণৌৰ এই বিদ্যালয়খন ১২৫ বছৰ পুৰণি। বিদ্যালয়খন ১৮৯৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল।

Related News