যিকোনা গোচৰৰ ক্ষেত্ৰত চিবিআই তদন্তৰ নিৰ্দেশ দিব নোৱাৰে উচ্চ ন্যায়ালয়ে। শেহতীয়া এক শুনানিত উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে যে যিকোনো গোচৰত চিবিআই তদন্তৰ নিৰ্দেশ দিয়াটো প্ৰথা নহয়। উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কৈছে কেৱল নিৰ্দিষ্ট কিছুমান ক্ষেত্ৰতহে এই নিৰ্দেশ দিব পাৰে যেতিয়া তদন্তৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ তথ্য বা প্ৰাৰম্ভিক প্ৰমাণ থাকে, তেতিয়াহে উচ্চ ন্যায়ালয়ে চিবিআই তদন্তৰ নিৰ্দেশ দিব পাৰে বুলি উল্লেখ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এজন ব্যক্তি আই বি বিষয়াৰ নাম ব্যৱহাৰ কৰি ১.৪৯ কোটি টকাৰ ভাবুকিৰ অভিযোগ থকা এক গোচৰত চিবিআই তদন্তৰ নিৰ্দেশ দিছিল। এই ঘটনাটোত ৰাজ্য আৰক্ষীৰ তদন্তত অসনতুষ্ট হৈ, অভিযোগকাৰীয়ে গোচৰটো চিবিআইক গতাই দিবলৈ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল।
এই সন্দৰ্ভত, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু কে বিনোদ চন্দ্ৰনৰ দুজনীয়া বিচাৰপীঠে স্পষ্টকৈ কয় যে — যিকোনো অস্পষ্ট বা অনুমানমূলক অভিযোগৰ ভিত্তিত চিবিআই তদন্তৰ নিৰ্দেশ দিয়া উচিত নহয়। উচ্চ ন্যায়ালয়ে প্ৰতিষ্ঠিতভাৱে চিবিআইৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তা অনুভূত হয় কেৱল তেনে ক্ষেত্ৰতহে চিবিআই তদন্তৰ নিৰ্দেশ দিব পাৰে বুলি ৰায় দান কৰিছে।
উচ্চতম ন্যায়ালয়ে কয় যে অনুমানমূলক অভিযোগৰ ভিত্তিত এনে গুৰুত্বপূর্ণ নিৰ্দেশ দিয়াটো উচিত নহয়। এনে ক্ষেত্ৰত কিছু প্ৰাৰম্ভিক প্ৰমাণ থাকিব লাগে যাতে আদালতে বিচাৰ কৰিব পাৰে যাতে ঘটনাটোত চিবিআই তদন্ত সঁচাকৈয়ে প্ৰাসংগিক।
আনহাতে, ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ মৃত্যু সংক্রান্ত এটা গোচৰতো ২০২৪ বৰ্ষৰ জুন মাহত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছিল আৰু তাৰ পিছতেই চিবিআইয়ে এফআইআৰ দাখিল কৰিছিল। এই ক্ষেত্ৰত চিবিআইয়ে স্বীকাৰ কৰিছিল যে তদন্ত আৰম্ভ কৰাটো এটা ‘ভুল’ আছিল, আৰু তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ওচৰত ক্ষমা বিচাৰিছিল। আদালতে সেই ক্ষমা গ্ৰহণ কৰিছিল।
এই ঘটনাৰ পৰা স্পষ্ট হৈ পৰিছে যে চিবিআই তদন্ত হ’ব লাগিব বুলি ঠিক কৰাৰ পূৰ্বে আদালতে গুৰুত্ব সহকাৰে প্ৰতিটো দিশ বিবেচনা কৰা প্ৰয়োজন।