NORTHEAST NOW (Assamese)

বিশ্ববিদ্যালয় চৌহদত কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ; অধিসূচনা জাৰি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ

July 19, 2024 3:59 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশ্ববিদ্যালয় কেম্পাছৰ ভিতৰত আৰু কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিব নোৱাৰিব। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই অধিসূচনা জাৰি কৰিছে।

শেহতীয়াকৈ বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদ আন্দোলন সন্দৰ্ভত উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল। শিক্ষানুষ্ঠানত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও আদালতে কয়। আদালতৰ এই নিৰ্দেশ সোঁৱৰাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে প্ৰশাসনিক ভৱনৰ পৰা ১০০ মিটাৰ ভিতৰত কোনো ধৰণৰ প্ৰতিবাদ, ধৰ্ণা, সমাৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব। আদেশ উলংঘা কৰাৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়া হৈছে।

যোৱা এপ্ৰিল মাহত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীয়ে কেম্পাছৰ ভিতৰতে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল। অভিযোগ অনুসৰি, বিষয়টো কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এই ঘটনাৰ প্ৰতিবাদত ছাত্ৰজনে অনিৰ্দিষ্টকাললৈ জেএনইউ চৌহদৰ মূল গেটৰ সন্মুখত ধৰ্ণাত বহি দোষীক শাস্তি প্ৰদানৰ দাবী জনায়। যাৰ বিষয়ে সেই সময়ত বহুত হুলস্থুল হৈছিল।

যদিও এছ এফ আই নেতৃত্বাধীন ছাত্ৰ পৰিষদে অভিযোগ দাখিল কৰিছিল৷ এইবাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অধিসূচনা জাৰি কৰি জনাইছে যে প্ৰশাসনিক কাৰ্যালয়ৰ পৰা ১০০ মিটাৰৰ ভিতৰত কোনো ধৰণৰ প্ৰতিবাদ বা ধৰ্ণা অনুষ্ঠিত কৰিব নোৱাৰিব।

Related News