বিপদজনক! গোৱালপাৰাৰ দুখন গাঁৱৰ মাজত ২৯ বছৰ ধৰি নাই কোনো ৰেইলৱে ক্ৰছিং

IMG-20191201-WA0009-1140x570

ফটো: নৰ্থইষ্ট নাও

গোৱাৰপাৰাৰ দুখন গাঁৱৰ বাসিন্দাই প্ৰতিদিনে ৰেইলৱে ক্ৰছিঙৰ শংকা বুকুত লৈ পথ অতিক্ৰম কৰি আহিছে।

জিলাখনৰ বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ মাকৰি আৰু খাৰবোজা নামৰ দুখন জনজাতীয় গাঁৱৰ লোকে বিগত ২৯ বছৰ ধৰি এটা ৰেইলৱে লেভেল ক্ৰছিঙৰ অভাৱত ভুগি আছে।

দুয়োখন গাঁৱৰ বাসিন্দাই প্ৰতিদিনে তেওঁলোকৰ দৈনন্দিন কামৰ বাবে অহা যোৱা কৰোতে উন্মুক্ত ৰেইলৱে ক্ৰছিঙটো পাৰ হ’বলৈ বাধ্য হয়।

এইক্ষেত্ৰত আটাইতকৈ বোয়াকৈ ভুগিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল।

তেওঁলোকে প্ৰতিদিনে ৰেইলৱে ক্ৰছিঙটো পাৰ হৈ খাৰবোজা এল পি স্কুল আৰু মাকৰি এল পি তথা এম ই স্কুললৈ অহা যোৱা কৰে।

‘’১৯৯০ চনত ৰেইল লাইনটো প্ৰতিষ্ঠা হোৱাৰ সময়ৰে পৰা আমি এটা ক্ৰছিঙৰ বাবে দাবী কৰি আহিছো,’’- এগৰাকী জ্যেষ্ঠ স্থানীয় ব্যক্তি অৰ্জুন ৰাভাই অভিযোগ কৰে।

‘’আমি ইতিমধ্যে পাঁচজন যুৱ ব্যক্তি আৰু দুজন ছাত্ৰক হেৰুৱাইছো,’’-তেওঁ কয়।

‘’কিন্তু ৰেইলৱে কৰ্তৃপক্ষই আমাৰ দাবী প্ৰতি কোনা গুৰুত্ব দিয়া নাই,’’-তেওঁ লগতে কয়।

‘’যোৱা ১১ নৱেম্বৰত আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন স্মাৰক পত্ৰ দিছো। অৱশ্যে, আমাৰ দাবীৰ কি হ’ব সেই বিষয়ে একো নাজানো,’’- এগৰাকী মাতৃ সেউতী ৰাভাই লগতে জানিবলৈ দিয়ে।

বৰ মাকৰি গাঁৱত ২২টা পৰিয়াল আৰু খাৰবোজাত ২০টা পৰিয়াল বাস কৰি আছো।

ইয়াৰ মাজতে নৰ্থইষ্ট নাওৱে উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰাত নাম প্ৰকাশত অনিচ্ছুক এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে “তেওঁলোকৰ দাবী নিতান্তই উপযুক্ত দাবী।‘

‘’কিন্তু ইয়াৰ বাবে জিলা উপায়ুক্তই মাণ্ডলিক ৰেইলৱে প্ৰৱন্ধকলৈ লিখিব লাগিব,’’-ৰেইলৱেৰ বিষয়াগৰাকীয়ে লগতে কয়।

‘’প্ৰৱন্ধকগৰাকীয়ে পৰিদৰ্শনৰ বাবে এটা দল প্ৰেৰণ কৰিব আৰু প্ৰতিবেদনৰ যথাৰ্থতাৰ ওপৰত ভিত্তি কৰি এটা ক্ৰছিঙৰ অনুমোদন দিব পাৰে,’’-বিষয়াগৰাকীয়ে কয়।

‘’কিন্তু স্থানটোলৈ লক্ষ্য কৰি এটা লেভেল ক্ৰছিং নহয় কিন্তু এটা ভূতলীয় সুৰংগ পথ আগবঢ়াব পাৰে,’’- বিষয়াগৰাকীয়ে লগতে ব্যক্ত কৰে।

ইপিনে গাঁৱবাসীয়ে অপেক্ষাৰ বাবে সাজু নহয়।

‘’বিভাগটোৱে যদি কাৰো প্ৰাণ যোৱাটো নিবিচাৰে, তেওঁলোকে তাৎক্ষণিকভাৱে এটা পাৰ হোৱাৰ পথ নিৰ্মাণ কৰা উচিত,’’-আন এগৰাকী স্থানীয় লোকে কয়।