২০২১ বৰ্ষত কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে নাই ৰঙালী বিহুৰ বন্ধ

২০২১ বৰ্ষত অসমত কাম কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলে ৰঙালী বিহুৰ কোনোধৰণৰ বন্ধ লাভ নকৰিব।

বিগত বৰ্ষসমূহত অসমত কাম কৰা কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰী সকলে ৰঙালী বিহুৰ বন্ধ লাভ কৰিছিল।

ৰঙালী বিহুৰ সময়ত এইসকল কৰ্মচাৰীয়ে সীমিত বন্ধৰ বাবে আবেদন কৰিব পাৰিব।

কেন্দ্ৰ চৰকাৰৰ বন্ধৰ তালিকাত ইয়াৰ পূৰ্বে ৰঙালী বিহুৰ সময়ত চৰকাৰী বন্ধ ৰখা হৈছিল কিন্তু ২০২১ বৰ্ষৰ কেন্দ্ৰ চৰকাৰৰ বন্ধৰ তালিকাৰ পৰা ৰঙালী বিহুৰ বন্ধ উঠাই দিয়ে।

উল্লেখযোগ্য যে, অসমত কৰ্মৰত কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰী সকলে চলিত মাঘ বিহুতো বন্ধ লাভ কৰা নাছিল।

এইসকল কৰ্মচাৰীয়ে ২০২১ বৰ্ষৰ  ১৪ জানুৱাৰিত মাঘ বিহু উপলক্ষে বন্ধ লাভ কৰিব।

কেন্দ্ৰ চৰকাৰে বাৰ্ষিক বন্ধৰ তালিকাৰ পৰা ৰঙালী বিহুৰ বন্ধক বাদ দিয়াত স্বাভাৱিকতে অসমত কৰ্মৰত কেন্দ্ৰীয় চৰকাৰৰ অসমীয়া কৰ্মচাৰী সকলৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব।