• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ জয় হৈছে বুলি প্ৰচাৰ কিয়? জয়ী হৈছে NPP-NDPP; ধ্বংসৰ গৰাহত IPFT!

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
March 4, 2023 1:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি যদি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টেলিভিছন সমূহ চাই আছে…. কালিৰে পৰা আপুনি নিশ্চয় দেখি আছে তিনি ৰাজ্যৰ ফলাফলত বিজেপিৰ জয় জয়কাৰ মোদীৰ জয় জয়কাৰ দেখুৱাই থকা হৈছে।

অথচ ত্ৰিপুৰাক বাদ কৰি মেঘালয়ত বিজেপিয়ে লাভ কৰিছে ৫৯ খন আসনৰ মাত্ৰ ২ খন আসন বা নাগালেণ্ডত লাভ কৰিছে ৬০ খনৰ ভিতৰত মাত্ৰ ১২ খন আসন। কিন্তু তাৰ পাছতো গোদী মিডিয়াত প্ৰচাৰ কৰি থকা হৈছে বিজেপি কা বড়া জিত বা মোদীৰ সাফল্যৰ কথা। ত্ৰিপুৰাত বিজেপিয়ে ৩২ খন আসনত জয় লাভ কৰি একক সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে যদিও কেইটামান কথা ইয়াত ক’বলগীয়া আছে।

২০১৮ চনত ত্ৰিপুৰাত শাসনলৈ আহিছিল বিজেপি আৰু IPFT ৰ সৈতে মিত্ৰতা কৰি চৰকাৰ বনাইছিল বিজেপিয়ে। ২০১৮ চনত বিজেপিয়ে ত্ৰিপুৰাত অকলেই ৩৬ খন আসন লাভ কৰাৰ বিপৰীতে IPFT য়ে লাভ কৰিছিল ৮ খন আসন। অৰ্থাৎবিজেপিৰ মিত্ৰজোঁট মিলি লাভ কৰিছিল ৩৬+৮= ৪৪ খন আসন। কিন্তু ৫ বছৰত বিজেপিৰ উন্নয়নৰ জয়গানৰ পাছতো জনতাৰ আশ্বাস ইমানেই বৃদ্ধি পালে মানে হ্ৰাস পালে যে বিজেপিয়ে লাভ কৰিলে ৩২ খন আসন আৰু IPFT য়ে লাভ কৰিলে মাত্ৰ এখন আসন। ২০১৮ চনৰ ৪৪ খন আসনৰ পৰা হ্ৰাস পাই হ’লগৈ ৩৩খন।

কিদৰে ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ অধিকাৰৰ কথা কোৱা Indegenious People’s Front Of India ই ত্ৰিপুৰাৰ খিলঞ্জীয়া জনতাৰ সমৰ্থন ক্ৰমান্বয়ে হেৰুৱাই মাত্ৰ এখন আসনতে সীমাবদ্ধ হ’বলগীয়া হৈছে। এইবুলিও চৰ্চা চলিছে বিজেপিৰ লগত মিত্ৰতা কৰাৰ পাছতে হুৰাহুৰে খহিবলৈ আৰম্ভ কৰিছিল IPFT ৰ ভেঁটি।

বিজেপিৰে মিত্ৰতা কৰাৰ পাছত অসমত যিদৰে এটা সময়ত চৰকাৰ কৰা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ Single Number অৰ্থাৎ মাত্ৰ ৯ গৰাকী বিধায়কহে আছেগৈ অসম বিধানসভাত। ঠিক সেইদৰে সময়ৰ সোঁতত ৰাষ্ট্ৰীয় দল হিচাপে বিজেপিৰ কৰাল গ্ৰাসত একেবাৰে বিলীন হ’বলৈ গৈ আছে IPFT।

এইবোৰ কথা বিশ্লেষণ বা খবৰ কিন্তু গোদী মিডিয়াত সম্প্ৰচাৰ নহয়,,,,, তাত কেৱল আপোনালোকে দেখা পাব বিজেপিৰ জয়জয়কাৰ। ত্ৰিপুৰাৰ নিৰ্বাচনী ফলাফলৰ কথা যিহেতু উল্লেখ কৰিছো…. আৰু এটা কথা উনুকিয়াই থওঁ….. প্ৰদ্যুত বিক্ৰম মাণিক্য…. ২০২১ চনত তেওঁৰ নেতৃত্বতে গঢ় লৈ উঠিছিল তিপ্ৰা মথা। IPFT ৰ বিপৰীতে অতি কম দিনৰ ভিতৰতে অভ্যুত্থান ঘটিছে তিপ্ৰা মথাৰ। প্ৰথমবাৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ তিপ্ৰা মথাই মুঠ ১৩ খন আসনত জয়ী হ’বলৈ সক্ষম হৈছে। কিন্তু এতিয়া সকলোখিনি নিৰ্ভৰ কৰিব আঞ্চলিক ৰাজনৈতিক দলটোৰ নেতা প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱবৰ্মাৰ ওপৰত।

পৃথক তিপ্ৰালেণ্ডৰ ক্ষেত্ৰত তেওঁৰ যি দৃঢ়স্থিতি সেয়া কেতিয়াও বিজেপিয়ে মানি নলয়। এইক্ষেত্ৰত তেওঁ এটা কথাৰ ওপৰত নিশ্চয়কৈ গুৰুত্ব আৰোপ কৰিব লাগিব বুলি চৰ্চা চলিছে। যিটো হ’ল তেওঁ কিদৰে বিজেপিৰ কুটিল ৰাজনীতি বা বিধায়ক কিনা বেচা চক্ৰৰ পৰা তেওঁৰ বিধায়কসকলক বচাই ৰাখিব পাৰে। অন্যথা IPFT ৰ দৰে তিপ্ৰা মথাকো বিজেপিয়ে চাতুৰ্য্যতাৰে গ্ৰাস কৰিবলৈ বেছি সময় নালাগিব।

এইবিলাক চৰ্চা গোদী মিডিয়াত চৰ্চিত হোৱা দেখা পাইছে নে?

ঠিক সেইদৰে উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনাই বহুকেইখন ৰাজ্যত উপ নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল। য’ত বিজেপিৰ বাবে একেবাৰে আশাপ্ৰদ ফলাফল নাছিল বা কিছু কিছু ক্ষেত্ৰত জয়ৰ মুখো দেখা নাছিল বিজেপিয়ে। মহাৰাষ্ট্ৰত বিজেপিৰ বাবে এক কাৰেন্টৰ শ্বক লগাৰ দৰেই অৱস্থা হৈছে।

উল্লেখ কৰি থওঁ…. মোদীৰ জয়জয়কাৰ গোডী মিডিয়াত প্ৰচাৰিত হ’লেও ত্ৰিপুৰা আৰু নাগালেণ্ডত লোকসভাৰ আসন কেইখন আছে আপুনি জানে নে? ত্ৰিপুৰাত আছে মাত্ৰ দুখন লোকসভাৰ আসন আৰু নাগালেণ্ডত আছে মাত্ৰ এখন লোকসভা আসন। তাৰ বিপৰীতে মহাৰাষ্ট্ৰত আছে ৪৮ খন লোকসভাৰ আসন। উত্তৰ প্ৰদেশৰ পাছতে দ্বিতীয় সৰ্ববৃহৎ লোকসভাৰ আসন থকা ৰাজ্য হ’ল মহাৰাষ্ট্ৰ।

কিন্তু প্ৰাপ্ত খবৰ অনুসৰি এই ৪৮ খন লোকভাৰ আসনত এখনৰ পাছত আন এখন আসনত মোডী মেজিকে কাম দিয়া নাই আৰু এখনৰ পাছত আন এখনত পৰাজিত হৈ গৈ আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

মঙলবাৰে ঘোষিত উপ নিৰ্বাচনৰ ফলাফলত মহাৰাষ্ট্ৰৰ কাছবা পেথ সমষ্টিত ২৮ বছৰ মূৰত বিজেপি পৰাভূত হৈছে। আৰু বিজয়ী হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী ৰবীন্দ্ৰ ধাংগেকাৰ। গেৰুৱা বাহিনীৰ প্ৰাৰ্থী হেমন্ত ৰাছানেক পৰাভূত কৰি ২৮ বছৰৰ পাছত জয়ৰ মুখ দেখিলে কংগ্ৰেছে। উল্লেখ কৰি থওঁ…. বিজেপিৰ সাংসদ গিৰিশ বাপাট সমষ্টিটোৰ পৰা ৫ বাৰকৈ নিৰ্বাচিত হৈ আহিছিল। কিন্তু মোদী মেজিকে কাম নিদিলে মহাৰাষ্ট্ৰত।

বিজেপিয়ে শিৱসেনাৰ উদ্ধব ঠাকৰেৰ পৰা একনাথ সিন্দেক আঁতৰাই আনি বিজেপিয়ে শিৱসেনাৰ সহায়ত পুনৰ এবাৰ চৰকাৰ গঠন কৰিলে আৰু উদ্ধৱ ঠাকৰেক বগৰাই একনাথ সিন্দেক মুখ্যমন্ত্ৰী পাতিলে। কিন্তু সেই বিজেপিয়ে মহাৰাষ্ট্ৰৰ নিৰ্বাচনত মুখ থেকেচা খোৱা দেখিবলৈ পোৱা গ’ল। এনেধৰণে যদি পৰাজয়ৰ ধাৰা অৱ্যাহত থাকে তেন্তে ২৪ লৈ মহাৰাষ্ট্ৰত বিজেপিৰ বিজয়ৰ পথ মসৃণ নহ’ব।

মহাৰাষ্ট্ৰৰ মাৰাঠী ভোটাৰ ৰাইজৰ মন প্ৰধান মন্ত্ৰী মোদীৰ পৰা আঁতৰি পুনৰ উদ্ধৱ থাকৰেৰ ফালে গতি কৰিব নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে।

ঠিক সেইদৰে তামিলনাডুৰ ইৰোডে পূৱ সমষ্টিত DMK-Congress ৰ সমৰ্থিত প্ৰাৰ্থী EVKS Elangovan এ জয়ী হোৱা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ তামিলনাডুতো মোদীৰ মেজিকে কামত নিদিলে।

ঠিক তেনেকৈ…. আমি যদি মেঘালয়ৰ নিৰ্বাচনী প্ৰচাৰসমূহলৈ লক্ষ্য কৰো…. তেন্তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে NPP ৰ কনৰাড চাংমাৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহিও মাত্ৰ দুখন আসনতহে জয়ী হ’ল। কিন্তু থলুৱা এক ৰাজনৈতিক দল হিচাপে NPP য়ে মেঘালয়ৰ থলুৱা ৰাইজৰ মনত নিজৰ প্ৰভুত্ব ৰাখিবলৈ সক্ষম হৈছে।

ঠিক সেইদৰে আঞ্চলিক ৰাজনৈতিক দল হিচাপে NDPP য়ে নাগালেণ্ডবাসীৰ আশা-আকাংক্ষা অটুত ৰাখিবলৈ সক্ষম হৈছে। কিন্তু তাৰ বিপৰীতে আঞ্চলিকতাবাদৰ ধাৰাৰে ৬ বছৰীয়া অসম আন্দোলনৰ মাধ্যমেৰে আঞ্চলিক ৰাজনৈতিক দল হিচাপে প্ৰায় ১০ বছৰ শাসন চলোৱা অসম গণ পৰিষদে এতিয়া মাত্ৰ ৯ জন বিধায়কৰে বিগ ব্ৰাডাৰ বিজেপিৰ শৰণাপন্ন।

থলুৱাৰ যি পৰিচয় সেয়া এতিয়া নাইকিয়া কৰি বিজেপিয়ে হিন্দু বলয়ৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ উঠি পৰি লগা বুলিও সচেতন মহলত চৰ্চা লাভ কৰিছে।

পুনৰ উল্লেখ কৰি থওঁ…. উত্তৰ পূৱৰ তিনিখন ৰাজ্যত গোডী মিডিয়াই প্ৰচাৰ কৰা ধৰণে বিজেপি কা বড়া জিত হোৱা নাই। যি আমি প্ৰতিবেদনখনৰ জৰিয়তে সত্য আৰু নিৰপেক্ষভাৱে বিশ্লেষণ আকাৰত দেখুৱাই দিলো।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd