মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ পৰা চিণ্ডিকেট নচলে, স্পষ্টীকৰণ ৰাজ্যিক বিজেপি মুখপাত্ৰ ৰূপম গোস্বামীৰ

rupam goswami

ৰূপম গোস্বামী। ছবি- টুইটাৰৰ পৰা।

শাসনলৈ আহিয়ে ঘোষণা কৰা সংকল্পৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্য্যালয়ৰ পৰাই চিণ্ডিকে’ট চলি থকা বুলি কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কৰা অভিযোগ অস্বীকাৰ কৰিছে ৰাজ্যিক বিজেপি মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

“বিৰোধী দলপতিয়ে কোৱাৰ দৰে কোনো ধৰণৰ চিণ্ডিকে’ট ৰাজ্যত চলি থকা নাই। যদি তেওঁৰ হাতত তথ্য আছে তেতিয়াহ’লে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত জমা কৰক। নাইবা বিভিন্ন প্ৰক্ৰিয়া আছে যাৰ জৰিয়তে লিখিতভাৱে অভিযোগ উত্থাপন কৰক,’’ শইকীয়াৰ অভিযোগৰ প্ৰত্যুত্তৰত বুধবাৰে এই মন্তব্য গোস্বামীৰ।

কংগ্ৰেছৰ কোনো এজেণ্ডা নাই বাবেহে এনে কথা কৈছে বুলিও মন্তব্য কৰি বিজেপি নেতাজনে লগতে কয় যে (চিন্দিকে’টৰ সৈতে) কোনো বিজেপি নেতা বা কৰ্মকৰ্তা জড়িত থাকিলে তেওঁৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা ল’ব।

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ আমোলত চিন্দিকে’ট বৃদ্ধি পোৱা আৰু আনকি মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ পৰাই এই কাম চলি থকা বুলি মঙলবাৰে গুৱাহাটীত এক সংবাদমেলযোগে অভিযোগ উত্থাপন কৰিছিল বিৰোধী দলপতি শইকীয়াই।

“কেৱল কয়লা, পাণ, মাছ, কণীয়েই নহয় চাকৰিৰ পদোন্নতি আৰু বদলিৰ ক্ষেত্ৰতো বৰ্তমান চিণ্ডিকে’ট চলি আছে। বিষয়টো বিভিন্ন মাধ্যমত চৰ্চিত হৈ আছে,’’ গুৱাহাটীত সংবাদমেলত এয়া আছিল দেৱব্ৰত শইকীয়াৰ মন্তব্য।

সমগ্ৰ কাণ্ডটোত বিজেপিৰ মন্ত্ৰী-বিধায়ক-যুৱ নেতা জড়িত থকাৰ অভিযোগ তুলি ইয়াৰ চিবিআই তদন্ত দাবীৰে বিধানসভাত আলোচনা হোৱাৰ কথাও সদৰী কৰিছিল বিৰোধী দলপতিগৰাকীয়ে।

চিবিআই তদন্ত দাবী কৰা সত্বেও চৰকাৰে চিআইদি-কহে এই তদন্ত গতোৱাৰ কথাও সদৰী কৰিছিল শইকীয়াই।

“মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ একাংশ যুৱ নেতা আৰু মন্ত্ৰী-বিধায়কে এই চিণ্ডিকেট চলায়। আমি চিবিআই তদন্ত বিচাৰিছিলো, কিন্তু চৰকাৰে চিআইডি-ক হে তদন্তৰ ভাৰ দিয়ে,” মন্তব্য শইকীয়াৰ।