• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ম’বাইল আৰু কম্পিউটাৰৰ শুল্কত কোনো ৰেহাই নাই! নিজ সিদ্ধান্তত অতল ট্ৰাম্প

এন ই নাও নিউজ, গুৱাহাটি by এন ই নাও নিউজ, গুৱাহাটি
April 14, 2025 10:57 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা শুকুৰবাৰে তেওঁৰ কাৰ্যালয়ে ম’বাইল ফোন, কম্পিউটাৰ আৰু অৰ্ধপৰিবাহীৰ দৰে সামগ্ৰীৰ ওপৰত কৰ ৰেহাইৰ কথা ঘোষণা কৰিছিল। দেওবাৰে এই কথা অস্বীকাৰ কৰি ট্ৰাম্পে কয় যে কোনো সামগ্ৰীৰ ওপৰত কোনো ৰেহাই ঘোষণা কৰা হোৱা নাই।

ছ’চিয়েল মিডিয়াত ট্ৰাম্পে লিখিছে যে অসন্তুলিত বাণিজ্য নীতিৰ বাবে কাকো ৰেহাই দিয়া নহ’ব। বিশেষকৈ চীনক কোনো ধৰণৰ ৰেহাই দিব নোৱাৰি। তেওঁলোকে আমাৰ লগত আটাইতকৈ বেয়া ব্যৱহাৰ কৰিছে। ‘পিছত ট্ৰাম্পে শুকুৰবাৰৰ ঘোষণাক অস্বীকাৰ কৰি লিখিছে যে যোৱা শুকুৰবাৰে কোনো শুল্ক হ্ৰাসৰ ঘোষণা কৰা হোৱা নাছিল। এই সামগ্ৰীসমূহৰ ওপৰত ইতিমধ্যে ২০% শুল্ক আছিল। গতিকে সেয়া প্ৰযোজ্য হৈ আছে। ইয়াক কেৱল আন এটা শুল্ক নীতিৰ অধীনত অনা হৈছে। যিসকলে ভুৱা বাতৰি বিয়পাইছে তেওঁলোকে সত্যটো ভালদৰে জানে।

উল্লেখ্য যে চীনৰ সামগ্ৰীৰ ওপৰত শুল্ক ১৪৫ শতাংশলৈ বৃদ্ধি কৰিছে ট্ৰাম্পে। ইয়াৰ প্ৰতিশোধ হিচাপে চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১২৫ শতাংশ শুল্ক আৰোপ কৰিছে। এই সন্দৰ্ভত যোৱা শুকুৰবাৰে আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষা বিভাগে নতুন নিৰ্দেশনা জাৰি কৰে। নতুন নিৰ্দেশনা অনুসৰি নতুন শুল্ক নীতি স্মাৰ্টফোন আৰু কম্পিউটাৰৰ দৰে কিছুমান বিশেষ সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। এই ধৰণৰ সামগ্ৰীৰ অধিকাংশই চীনৰ পৰা আমেৰিকালৈ আমদানি কৰা হয়। ফলত চীনৰ প্ৰতি ট্ৰাম্পে কিছু ‘কোমল’ স্থিতি গ্ৰহণ কৰা বুলি অনুভৱ কৰা হৈছিল। কিন্তু দেওবাৰে এই সম্ভাৱনাৰ অন্ত পেলালে ট্ৰাম্পে ।

চীনকে ধৰি কেইবাখনো দেশৰ ওপৰত আমেৰিকাই পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল। ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছিল। ৯ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে হোৱাইট হাউছে বৰ্ধিত শুল্ক ৯০ দিনৰ বাবে স্থগিত ৰাখিছিল। যদিও এই নিষেধাজ্ঞা সকলো দেশতে প্ৰযোজ্য আছিল, ইয়াৰ ব্যতিক্ৰম আছিল চীন।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ইয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতি সতৰ্কবাণী জাৰি কৰে। এনে পৰিস্থিতিত ট্ৰাম্পৰ শুল্ক নীতিৰ বাবে আমেৰিকাৰ বজাৰখনে লোকচানৰ সন্মুখীন হৈছে। অৰ্থনীতিবিদসকলে ভৱিষ্যদ্বাণী কৰিছে যে চলিত বৰ্ষত আমেৰিকাৰ অৰ্থনীতি মন্দাৱস্থাত প্ৰৱেশ কৰিব পাৰে। কিন্তু ট্ৰাম্পে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত অৰ্ধপৰিবাহীকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰীৰ সমগ্ৰ উৎসৰ তদন্ত কৰা হ’ব। আমি আমেৰিকাক আকৌ মহান কৰিম বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটি

এন ই নাও নিউজ, গুৱাহাটি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd