NORTHEAST NOW (Assamese)

ভোট গণনা কেন্দ্ৰত উপস্থিত থাকিব নোৱাৰিব কোনো অস্থায়ী কৰ্মী : নিৰ্বাচন আয়োগক কাঢ়া নিৰ্দেশ ন্যায়ালয়ৰ

June 3, 2024 8:01 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

 ভোটগণনা কেন্দ্ৰৰ টেবুলত কোনো অস্থায়ী কৰ্মী উপস্থিত থাকিব নোৱাৰিব। যাতে ভোটগ্ৰহণৰ টেবুলত কোনো অস্থায়ী কৰ্মী উপস্থিত থাকিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ ভোট গণনাৰ এদিন পূৰ্বে তথা আজি কলিকতা উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে।

 আদালতৰ নিৰ্দেশ অনুসৰি কোনো অংগনৱাড়ী কৰ্মী, পাৰ্শ্ব শিক্ষক, নাগৰিক স্বেচ্ছাসেৱক বা তেনে কোনো অস্থায়ী কৰ্মীক গণনা কেন্দ্ৰৰাখিব নোৱাৰিব।

উল্লেখ্য যে হাওৰা আৰু বালি পৌৰসভাই গণনা কেন্দ্ৰত ঠিকাভিত্তিক কৰ্মচাৰী নিযুক্তি দিয়াক লৈ হাওৰাৰ বিজেপি প্ৰাৰ্থী ৰথিন চক্ৰৱৰ্তীয়ে কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

সোমবাৰে কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অমৃতা সিনহাৰ একক বিচাৰপীঠে সেই আবেদনৰ শুনানি গ্ৰহণ কৰে। শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তাই কয় যে গণনা কেন্দ্ৰ ডিচিআৰচিৰ সম্পূৰ্ণ দায়িত্বৰ বাবে অস্থায়ী কৰ্মচাৰী নিযুক্তি দিয়া হৈছে।

আয়োগৰ অধিবক্তাই আদালতত কয় যে গণনাৰ টেবুলত এজনো অস্থায়ী শ্ৰমিক থাকিব নোৱাৰিব। ইতিমধ্যে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত গাইডলাইন দিছে।

Related News