NORTHEAST NOW (Assamese)

মোক এঘৰীয়া নকৰিব, মই আপোনালোকৰ মাজৰে এজন : মুখ্য মন্ত্ৰী সোণোৱাল

December 20, 2019 10:56 am · কল্পজ্যোতি শইকীয়া
Updated: December 20, 2019 11:01 am

‘আজি আমি সকলোৱে এটি কথা উপলব্ধি কৰিছোঁ যে অসমৰ ৰাইজে অসমৰ বুকুত অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে থকাটো বিচাৰে। অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে সদায় থাকিব।’ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সংবাদমেল যোগে এই মন্তব্য কৰে।

“মোক এঘৰীয়া নকৰিব, মই আপোনালোকৰ মাজৰে এজন” বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে “এগৰাকী ভূমি পুত্ৰ হিচাপে ক’ব বিচাৰো এইখন অসম সদায় অসমীয়াৰ হৈ থাকিব। খিলঞ্জীয়াৰ অধিকাৰ কেতিয়াও খৰ্ব নহয়। খিলঞ্জীয়াৰ মাটি কেতিয়াও বেলেগৰ হাতলৈ নাযায়।”

“মই মুখ্য মন্ত্ৰী হৈ থকালৈকে কোনো কাৰণতে অসমৰ স্বাভিমান ধ্বংস হ’বলৈ নিদিওঁ” মন্তব্য মুখ্য মন্ত্ৰীৰ। সোণোৱালে কয় ধৰ্মীয় উৎপীড়ণৰ বলি হৈ আমাৰ মাজত বসবাস কৰি থকা সকলে এই আনৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব।

‘এজনো নতুন বাংলাদেশী নাহে সেয়া মোৰ দৃঢ় বিশ্বাস।’ লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ‘কা’ বিৰুদ্ধে আন্দোলন কৰা সকলৰ প্ৰতি শ্ৰদ্ধা আছে বুলি উল্লেখ কৰি কয় যে একাংশই আন্দোলনৰ গইনা লৈ হিংসাত্মক কাৰ্য্যত লিপ্ত হৈছে। ভুল তথ্যৰে ৰাইজৰ মনত বিভ্ৰান্ত সৃষ্টি কৰিছে।

‘যিসকলে মিছা তথ্যৰে জনসাধাৰণক বিভ্ৰান্ত কৰিছে বা অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিছে সেই সকলৰ মুখা খোল খাব। ইতিমধ্যে বহুতো অশুভ শক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ভৱিষ্যতেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’ মুখ্য মন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰী সোণোৱালে আন্দোলনকাৰী সকলক উদ্দেশ্যি কয় “আন্দোলনকাৰী সকলে আমাক বেলেগ বুলি নাভাবিব, আমাক আপোনালোকেই শাসনলৈ আনিছে, আমি আপোনালোকৰ উন্নয়নৰ হকে কাম কৰি আহিছো। আমাক আপোনালোকে আঁতৰাই নপথাব।”

আন্দোলনকাৰীসকলক আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিবৰ বাবে আহ্বান জনায় মুখ্য মন্ত্ৰী সোণোৱালে। লগতে আন্দোলনত নিহত হোৱা সকলৰ বাবে দুখ প্ৰকাশ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে SIT প্ৰতিবেদনৰ পাছত ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰে।

Related News