• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শান্তিৰ অসমত অশান্তি বিয়পোৱা বিজেপিৰ ‘শান্তি সমদল’ৰ বিৰুদ্ধে আছুৰ ‘বজ্ৰনিনাদ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 20, 2019 11:06 am

2 min read

Sahitya Sabha slams Assam DIPR

ফাইল ছবি- নৰ্থ ইষ্ট নাও।

3.6k
VIEWS
Share on FacebookShare on Twitter

শান্তিৰ অসমত জাতিধ্বংসী নাগৰিকত্ব আইনেৰে অশান্তি বিয়পোৱা বিজেপিয়ে আজি নলবাৰীত উলিয়াব শান্তি সমদল। আইনখনক লৈ ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ হৈ থকাৰ সময়তে বিজেপিৰ এই শান্তি সমদল কাৰ্যসূচীয়ে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

বুধবাৰে নিশা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাংসদ দিলীপ শইকীয়া, বিধায়ক অশোক শৰ্মাৰ লগতে আন বহু নেতা-পালিনেতাৰ উপস্থিতিত জিলা কাৰ্যালয়ত অনুষ্ঠিত সভাত সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নলবাৰীত আজি দিনৰ ১১ বজাত এটা শান্তি সমদল উলিওৱাৰ সিদ্ধান্ত লোৱা হৈছিল।

ইফালে চৰকাৰী পক্ষৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে থিয় দিছে বহু দল-সংগঠন। ইতিমধ্যে শান্তি সমদলৰ বিৰুদ্ধে নলবাৰী জিলা ছাত্ৰ সন্থাই ঘোষণা কৰিছে ‘বজ্ৰনিনাদ’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী।

এই কাৰ্যসূচীক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়েও সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে।

অসমৰ ভাষা, কৃষ্টি-সংস্কৃতি নিঃশেষ কৰি দিব পৰা এই আইনখনক সমৰ্থন আগবঢ়াই বিজেপিয়ে উলিয়াব খোজা শান্তি সমদলক দল-সংগঠনৰ লগতে বিভিন্ন লোকে তীব্ৰ সমালোচনা কৰিছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, হাগ্ৰামা মহিলাৰীৰ লগতে বিজেপিৰ প্ৰায়বোৰ মন্ত্ৰী বিধায়কৰ উপস্থিতিত উলিয়াবলগীয়া সমদলৰ সময়ত যাতে জিলাখনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ সচেতন লোকসকলে আহ্বান জনাইছে।

ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ হৈ থকাৰ সময়তে শাসকীয় পক্ষৰ এনে কাৰ্যক ধিক্কাৰ দিয়ে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd