নোবেল বিজয়ী ড০ য়ুনিছক ৭ নৱেম্বৰৰ ভিতৰত আত্মসমৰ্পনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

banner

নোবেল বিজয়ী ড০ মহম্মদ যুনিছ। ফটো উৎস: ইন্টাৰনেট

শান্তিৰ নোবেল বঁটা বিজয়ী বাংলাদেশৰ অৰ্থনীতিবিদ ড০ মহম্মদ য়ুনিছক অহা ৭ নৱেম্বৰৰ ভিতৰত শ্ৰম আদালতত আত্মসমৰ্পনৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে।

আদালতে দেশলৈ উভতি চট্টগ্ৰাম বা ঢাকা বিমানবন্দৰৰ পৰা নিৰ্বিঘ্নে যাতে আত্মসমৰ্পন কৰিব পাৰে তাৰ বাবে আৰক্ষীক তেওঁক গ্ৰেপ্তাৰ বা হাৰাশাস্তি নকৰিবলৈকো নিৰ্দেশ দিছে।

উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে সোমবাৰে এই নিৰ্দেশ দিয়ে। ড০ য়ুনিছৰ ভাতৃ মহম্মদ ইব্ৰাহিমৰ এক আবেদনৰ ভিত্তিত আদালতে এই নিৰ্দেশ দিছে।

ড০ মহম্মদ য়ুনিছে প্ৰতিষ্ঠা কৰা গ্ৰামীণ কমিউনিকেশ্যনৰ কৰ্মচাৰীসকলে ট্ৰেড য়ুনিয়ন কৰাক লৈ বিৰোধিতাৰ মাজতে কেইজনমান কৰ্মচাৰীৰক চাকৰিৰ পৰা অপসাৰণ কৰা হৈছিল।

উক্ত ঘটনাৰ চিকাৰ হোৱা তিনিজন কৰ্মচাৰীৰ হৈ প্ৰস্তাৱিত গ্ৰামীণ কমিউনিকেশ্যনৰ কৰ্মচাৰী য়ুনিয়নৰ সাধাৰম সম্পাদক আব্দুছ চালাম, প্ৰচাৰ সম্পাদক শ্বাহ আলম আৰু সদস্য এমৰানুল হকে যোৱা ৩ অক্টোবৰত শ্ৰম আদালতত সুকীয়াকৈ তিনিটা গোচৰ দাখিল কৰিছিল।

এই গোচৰত ড০ য়ুনিছৰ লগতে প্ৰতিষ্ঠানটোৰ ব্যৱস্থাপনা পৰিচালক নাজনীন চুলতানা আৰু উপ মহা প্ৰৱন্ধক খণ্ডকাৰ আবু আবেদিনৰ বিৰুদ্ধে অভিযোগ অনা হয়। গোচৰটো ঢাকাৰ তৃতীয় শ্ৰম আদালতত যোৱা ৯ অক্টোবৰত তিনিওজনকে উপস্থিত থকাৰ বাবে নিৰ্দেশ দিয়া হৈছিল।

ইপিনে, উক্ত দিনা বাকী দুজন উপস্থিত আছিল যদিও ড০ য়ুনিছ বিদেশত থকাৰ বাবে আদালতত উপস্থিত হ’ব নোৱাৰিলে। ইয়াৰ বাবে সিদিনাই আদালতে ড০ য়ুনিছৰ বিৰুদ্ধে গ্ৰেপ্তাৰি পৰোৱানা জাৰি কৰে।

নোবেল বিজয়ী অৰ্থনীতিবিদ গৰাকীক আত্মসমৰ্পনৰ বাবে আদালতে দিয়া নিৰ্দেশৰ পাছত তেওঁ ৭ নৱেম্বৰৰ ভিতৰত দেশলৈ উভতি অহাটো জৰুৰী হৈ পৰিছে।