শান্তিৰ নবেল বঁটা বিজয়ী এলেছ বিয়ালিয়াটস্কিক ১০ বছৰৰ কাৰাদণ্ড

এলেছ বিয়ালিয়াটস্কি। ফটো: সংগৃহিত।

নবেল বঁটা বিজয়ী এলেছ বিয়ালিয়াট‌স্কিক বেলাৰুছৰ এখন আদালতে ১০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে।

বাতৰি মতে, তেওঁক চোৰাং ব্যৱসায়ৰ বাবে দোষী সাব্যস্ত হৈছে। অৱশ্যে, এইটো প্ৰথম বাৰৰ বাবে নহয়। কৰ ফাঁকিৰ অভিযোগত ২০১১ চনতো এলেছক গ্ৰেপ্তাৰ কৰা হৈছিল।

তেওঁ সেই অভিযোগবোৰ অস্বীকাৰ কৰিছিল যদিও তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁক ২০১৪ চনত মুক্তি দিয়া হৈছিল।

লগতে পঢ়ক: ৰহস্য ফাদিল! পুত্ৰক শ্বটগানেৰে,পত্নীক এছল্ট ৰাইফলৰে হান্টিং ইষ্টেটত হত্যা কৰিছিল আমেৰিকান অধিবক্তাই

যোৱা বছৰ ৭ অক্টোবৰত শান্তিৰ নবেল বঁটা ঘোষণা কৰা হৈছিল। নবেল বঁটা যুটীয়াভাৱে বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলেছ বিয়ালিয়াটস্কি, ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজক প্ৰদান কৰা হয়।

শান্তিৰ নবেল বঁটা সমিতিৰ মতে, এলেছে তেওঁৰ দেশত গণতন্ত্ৰ আৰু শান্তি প্ৰতিষ্ঠা কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল।