ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

কৰ’না ভেকচিন প্ৰস্তুত কৰাত অৰিহণা যোগোৱাৰ বাবে দুগৰাকী বিজ্ঞানীয়ে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে। 

এইবাৰৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা দুই বিজ্ঞানী ক্ৰমে কেটালিন কেৰিকো আৰু ড্ৰিউ ৱাইজমেনলৈ আগবঢ়োৱা হৈছে। নিউক্লিঅ’চাইড বেছ মডিফিকেচনৰ আৱিষ্কাৰৰ বাবে তেওঁলোকক নোবেল বঁটাৰে সন্মানিত কৰা হৈছে। তেওঁলোকৰ এই আৱিষ্কাৰৰ ফলত কোভিড – ১৯ ৰ বিৰুদ্ধে এটা ফলপ্ৰসূ mRNA ভেকচিন প্ৰস্তুত কৰা হয়।

সোমবাৰে ষ্টকহ’মৰ ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছ ভৱনত দুজন বিজ্ঞানীৰ নাম ঘোষণা কৰে নোবেল কমিটীয়ে। এই তথ্য নোবেল বঁটাৰ অফিচিয়েল ৱেবছাইটতো প্ৰকাশ পাইছে।

নোবেল কমিটীৰ ফেচবুক পেজৰ তথ্য অনুসৰি ২০২০ চনৰ আৰম্ভণিতে আৰম্ভ হোৱা ক’ৰোনা মহামাৰীৰ এক ফলপ্ৰসূ mRNA ভেকচিন প্ৰস্তুতৰ বাবে বিজ্ঞানী দুগৰাকীৰ এই আৱিষ্কাৰ গুৰুত্বপূৰ্ণ আছিল। তেওঁলোকৰ যুগান্তকাৰী তথ্যই miRNA-এ প্ৰতিৰোধ ক্ষমতাক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে জনাত সহায় কৰিলে। 

উল্লেখ্য যে, অহা মঙলবাৰে পদাৰ্থ বিজ্ঞানত, বুধবাৰে ৰসায়ন বিজ্ঞানত আৰু বৃহস্পতিবাৰে সাহিত্যৰ নোবেল বিজয়ীৰ নাম ঘোষণা কৰা হ’ব সাহিত্যত। লগতে শুকুৰবাৰে ঘোষণা কৰা হ’ব শান্তিৰ নোবেল বঁটা বিজয়ীৰ নাম।