২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা: প্ৰটিন সম্পৰ্কীয় উদ্ভাৱনৰ বাবে ৩ বিজ্ঞানীলৈ এই সন্মান

বুধবাৰে ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ঘোষণা কৰে ২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা৷ডেভিড বেকাৰ আৰু ডেমিছ হাছাবিছ আৰু জন এম জাম্পাৰক যৌথভাৱে প্ৰ’টিন বিজ্ঞানলৈ আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ বাবে প্ৰদান কৰা হ’ব।

আমেৰিকাৰ ছিয়াটলৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ডেভিড বেকাৰে “কম্পিউটেচনেল প্ৰ’টিন ডিজাইন”ৰ বাবে ৰসায়ন বিজ্ঞানৰ সন্মানীয় নোবেল বঁটা লাভ কৰাৰ বিপৰীতে ব্ৰিটেইনৰ লণ্ডনৰ গুগল ডিপমাইণ্ডৰ ডেমিছ হাছাবিছ আৰু জন এম জাম্পাৰক “প্ৰটিনৰ গঠন ভৱিষ্যদ্বাণীৰ বাবে” সন্মানিত কৰা হয়৷

ডেভিড বেকাৰে সম্পূৰ্ণ নতুন প্ৰটিন ডিজাইন কৰাৰ অসাধাৰণ কৃতিত্ব অৰ্জন কৰিছে, আনহাতে ডেমিছ হাছাবিছ আৰু জন জাম্পাৰে ৫০ বছৰীয়া প্ৰত্যাহ্বান সমাধানৰ বাবে এটা কৃত্ৰিম বুদ্ধিমত্তা (AI) মডেল প্ৰস্তুত কৰিছে:যাৰ কাম প্ৰটিনৰ জটিল ত্ৰিমাত্ৰিক গঠনৰ ভৱিষ্যদ্বাণী কৰা।

২০০৩ চনত বেকাৰে শূন্যৰ পৰাই সফলতাৰে এটা নতুন প্ৰটিন ডিজাইন কৰিছিল। তাৰ পিছৰ পৰাই তেওঁৰ গৱেষণা গোটে এনে এক পৰিসৰৰ উদ্ভাৱনীমূলক প্ৰটিন সৃষ্টি কৰিছে যাৰ প্ৰয়োগ ঔষধ, ভেকচিন, নেন’মেটেৰিয়েল, আৰু চেন্সৰত আছে।

ইফালে, হাছাবিছ আৰু জাম্পাৰৰ পৰা এআই ভিত্তিক অগ্ৰগতি ২০২০ চনত আলফাফল্ড২ৰ প্ৰৱৰ্তনৰ লগে লগে আহিছিল। তেওঁলোকৰ মডেলে গৱেষকসকলে চিনাক্ত কৰা প্ৰায় ২০ কোটি প্ৰটিনৰ গঠনৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিব পাৰে, যিটো কৃতিত্ব পূৰ্বতে অসম্ভৱ বুলি ভবা হৈছিল।

এন্টিবায়টিক প্ৰতিৰোধ ক্ষমতা আৰু প্লাষ্টিকৰ অৱক্ষয়ৰ দৰে সমস্যাৰ সমাধানৰ বাবে বিশ্বজুৰি লাখ লাখ বিজ্ঞানীয়ে AlphaFold2 ব্যৱহাৰ কৰিছে।

অহা ১০ ডিচেম্বৰত ষ্টকহ’মত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব নোবেল বঁটা।