কলেজীয়া ছাত্ৰক হত্যা কৰি মৃতদেহ মাটিত পুতি থোৱাৰ অভিযোগ উঠিছে। জানিব পৰা মতে মৃত যুৱকজনৰ নাম যশ মিট্টল। নয়ডাৰ এজন ব্যৱসায়ীৰ পুত্ৰই তাত বিশ্ববিদ্যালয়ত পঢ়ি আছিল।
যোৱা সোমবাৰে কলেজৰ হোষ্টেলৰ পৰা নিৰুদ্দেশ হৈছিল ছাত্ৰজন। ইয়াৰ পিছতে অপহৃত ছাত্ৰজনৰ পিতৃ দীপক মিট্টললৈ ৬ কোটি টকা মুক্তিপণ বিচাৰি বাৰ্তা আহিল। এফআইআৰ পোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
কেম্পাছৰ চিচিটিভি ফুটেজত দেখা গৈছে যে যোৱা সোমবাৰে যশে ফোন কৰি কৰিবিশ্ববিদ্যালয়ৰ পৰা ওলাই আহিছিল। তেতিয়া যশৰ কল ৰেকৰ্ডৰ পৰা বন্ধু ৰচিতৰ নাম ওলাল।
লগতে পঢ়কঃ কৰ্কট ৰোগত আক্ৰান্ত হৈ ২৯ বছৰ বয়সতে মৃত্যু মিছ ইণ্ডিয়া খিতাপ বিজয়ী জনপ্ৰিয় মডেলৰ
তেওঁক সোধা-পোছা কৰাত পোহৰলৈ আহে যে যশ প্ৰায়ে ৰচিত, শিৱম, সুশান্ত আৰু শুভমৰ সৈতে ওলাই যায়। ৰচিতক সোধা-পোছা কৰাত আৰক্ষীয়ে জানিব পাৰে যে ২৬ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ গজৰাউলাৰ এখন খেলপথাৰত পাৰ্টিৰ বাবে শুভমক ফোন কৰিছিল।
কিন্তু সেই পাৰ্টিত কাজিয়া হোৱাৰ পিছত চাৰিজন বন্ধুৱে যশক হত্যা কৰি খেলপথাৰতে পুতি থৈছিল। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
ৰচিতৰ বাহিৰেও আৰক্ষীয়ে দাদ্ৰীৰ পৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই পৰ্যন্ত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে। আন অভিযুক্ত শুভমৰ সন্ধানত অভিযান চলি আছে।
লগতে পঢ়কঃ টাটাৰ যুগান্তকাৰী উদ্ভাৱন, ‘১০০ টকীয়া টেবলেট’য়ে নিৰাময় কৰিব কেন্সাৰ! কেতিয়া আহিব বজাৰত?
ইপিনে, যশৰ পৰিয়ালক বিপথে পৰিচালিত কৰিবলৈ মুক্তিপণ বিচৰা বুলি দাবী কৰে অভিযুক্তই।