সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

digital rape

সাত বছৰতকৈও অধিক সময় ধৰি এগৰাকী ১৭ বছৰীয়া কিশোৰীক ‘ডিজিটেল’ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ৮১ বছৰীয়া স্কেচ শিল্পীক। উত্তৰ প্ৰদেশৰ নয়ডাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি অভিযুক্ত স্কেচ শিল্পীগৰাকীৰ প্ৰায় ২০ বছৰ ধৰি কিশোৰী গৰাকীৰ পৰিয়ালৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। ইয়াৰ সুযোগ গ্ৰহণ কৰি অভিযুক্ত ব্যক্তিজনে কিশোৰীগৰাকীক সাত বছৰ ধৰি উৎপীড়ন চলাই আহিছে।

ভুক্তভোগী কিশোৰী গৰাকীয়ে প্ৰথমে এই বিষয়ে অভিযোগ কৰিবলৈ ভয় খাইছিল যদিও পিছত ব্যক্তিজনৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰি অভিভাৱকক এই উৎপীড়নৰ বিষয়ে জানিবলৈ দিয়ে।

কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত পৰিয়ালে এই সন্দৰ্ভত আৰক্ষীৰ কাষ চাপে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে।

তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ (ধৰ্ষণ), ৩২৩ (স্বেচ্ছাই আঘাত কৰা), ৫০৬ (অপৰাধমূলক ভাবুকি)ৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছিল।

গ্ৰেপ্তাৰৰ পিছত অভিযুক্ত স্কেচ শিল্পীগৰাকীক স্থানীয় আদালতত হাজিৰ কৰোৱা হয়। আদালতে অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি স্থানীয় আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে ২০১২ চনৰ ডিচেম্বৰ লৈকে ডিজিটেল ধৰ্ষণৰ ধাৰণাটো ধৰ্ষণৰ পৰিসৰৰ অধীনত পৰা নাছিল। অৱশ্যে নিৰ্ভয়া দলবদ্ধ ধৰ্ষণৰ পিছত ভাৰতত ‘ডিজিটেল ধৰ্ষণ’ক যৌন অপৰাধৰ শ্ৰেণীভুক্ত কৰা হৈছিল।

২০১৩ চনত ডিজিটেল ধৰ্ষণ অপৰাধক ফৌজদাৰী আইনৰ সংশোধনীৰ জৰিয়তে ভাৰতীয় দণ্ডবিধিত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াক নিৰ্ভয়া আইন বুলিও অভিহিত কৰা হয়।