নিদাৰুণ! ক্ৰিকেট খেলি থকাৰ সময়তে হাৰ্ট এটেকত মৃত্যু যুৱকৰ

Man Dies Of Heart Attack While Playing Cricket

বিগত কেইবৰ্ষমানৰ পৰা দেশত আশ্চৰ্যকৰভাৱে বৃদ্ধি পাইছে আকস্মিকতে হাৰ্ট এটেকত আক্ৰান্ত হৈ ব্যক্তিৰ মৃত্যুৰ ঘটনা।

কেৱল বয়সস্থ লোকেই নহয়, যুৱক-যুৱতীসকলৰ মাজতো এনে ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পাইছে।

এনে এক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ নয়ডাত। ক্ৰিকেট খেলি থাকোঁতেই হঠাতে হাৰ্ট এটেক অহাত খেলপথাৰতে প্ৰাণ হেৰুৱাইছে এজন যুৱকে।

নিহত যুৱকজনক বিকাশ নেগী বুলি চিনাক্ত কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি, ৰাণ সংগ্ৰহৰ বাবে দোৰি যোৱাৰ সময়তে খেলপথাৰৰ মাজভাগত ঢলি পৰে নেগী।

নেগীক এইদৰে ঢলি পৰা দেখি উইকেটৰক্ষকগৰাকী লগে লগে তেওঁৰ চৰ চাপি উঠোৱাৰ চেষ্টা কৰে। ক্ষণিকৰ ভিতৰতে আন খেলুৱৈসকলো নেগীৰ কাষ চাপি আহে।

তেওঁলোকে তাৎক্ষণিকভাৱে নেগীক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰে আৰু হাৰ্ট এটেকৰ বাবেই নেগীৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে।

উল্লেখ যে পেছাত অভিযন্তা বিকাশ নেগী ক’ভিডত আক্ৰান্ত হৈছিল যদিও সম্প্ৰতি সুস্থ আছিল। নিজকে ফিট কৰি ৰাখিবলৈ তেওঁ প্ৰায়ে নয়ডা আৰু দিল্লীত ক্ৰিকেট খেলিছিল।