ক’ভিডৰ ভেকচিন লোৱাক লৈ খুমটাই আদৰ্শ চিকিৎসালয়ত হুলস্থুলীয়া পৰিবেশ

IMG_20210426_141642

গোলাঘাটৰ খুমটাই আদৰ্শ চিকিৎসালয়ত সোমবাৰে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’য়। কোভিডৰ ভেকচিন লোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিৱেশৰ।

ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় ড’জক লৈ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ ভেকচিন ল’বলৈ অহা ব্যক্তিৰ। ভেকচিনৰ প্ৰথমটো ড’জ ল’বলৈ আহি চিকিৎসালয়ত পুৱাৰে পৰা ভিৰ কৰিছিল একাংশ লোক।

চিকিৎসালয় খোলাৰ পিছত ভেকচিন ল’বলৈ অহা ব্যক্তিসকলে গম পাই যে সোমবাৰে চিকিৎসালয়ত প্ৰদান কৰা হ’ব ক’ভিডৰ দ্বিতীয়টো ড’জ।

ইয়াকে লৈ পুৱাৰে পৰা উৎকট গৰমত অপেক্ষাত থকা ব্যক্তিসকল উত্তেজিত হৈ পৰে। যিহেতু চিকিৎসালয় কৰ্তৃপক্ষই সোমবাৰে ভেকচিন কাক দিয়া হ’ব সেই বিষয়ে চিকিৎসালয় চৌহদত কোনো ধৰণৰ জাননী প্ৰদান কৰা নাছিল। ভেকচিন ল’বলৈ আহি অতীষ্ঠ হৈ পৰাৰ ফলত সৃষ্টি হয় এই হুলস্থুলীয়া পৰিৱেশ।

উল্লেখযোগ্য যে, খুমটাই চিকিৎসালযে মাত্ৰ ডেৰশ ভেকচিনহে লাভ কৰিছিল। দেওবাৰে নিশা লাভ কৰাৰ বাবেই চিকিৎসালয় কৰ্তৃপক্ষই সিদ্ধান্ত লোৱাত পলম হয় বুলি জানিবলৈ দিয়ে।

পিছত চিকিৎসালয়ৰ অধীক্ষক ডা০ মনোজ হাজৰিকাই ৩০ শতাংশ প্ৰথম ড’জ আৰু ৭০ শতাংশ দ্বিতীয়টো ড’জ দিবলৈ নিৰ্দেশ প্ৰদান কৰাতহে পৰিবেশ কিছু শান্ত হ’য়।